Independence Day 2023: স্বাধীনতা দিৱসৰ উপলক্ষে নিশা টিংখাঙত গাঁওৰক্ষী বাহিনীৰ সতৰ্কতা ব্যৱস্থা

By

Published : Aug 15, 2023, 9:27 AM IST

thumbnail

ডিব্ৰুগড়, 15 আগষ্ট: স্বাধীনতা দিৱসৰ দিনটোত যাতে কোনোধৰণৰ কূটাঘাটমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচীৰে অতি আনন্দ উল্লাসৰ মাজত স্বাধীনতা দিৱস অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে ৷ যদিও আলফা স্বাধীনে প্ৰতিবাৰৰ দৰে এইবাৰো স্বাধীনতা দিৱস অসমৰ ৰাইজক বৰ্জন কৰিবলৈ আহ্বান জনাইছে । সেয়ে অধিক সষ্টম হৈ পৰিছে আৰক্ষী ।

আৰক্ষীৰ সমান্তৰালভাৱে টিংখাঙত শান্তি ৰক্ষকৰ ভূমিকাত গাঁওৰক্ষী বাহিনী । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নিশা শান্তি-শৃংখলা ৰক্ষাৰ স্বাৰ্থত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত কৰ্তব্য পালনত ব্যস্ত গাঁওৰক্ষী বাহিনীৰ সদস্য-সদস্যা সকলৰ । স্বাধীনতা দিৱসৰ দিনটো যাতে সুকলমে পাৰ হৈ যায় তাৰ বাবে টিংখাং আৰক্ষীৰ সমান্তৰালভাৱে গাঁওৰক্ষী বাহিনীয়েও দিনে নিশাই নিজৰ কৰ্তব্য পালন কৰি আহিছে । টিংখাং থানা কমিটীৰ অন্তৰ্গত প্ৰতিখন গাঁওৰক্ষী বাহিনীৰ সদস্য-সদস্যাসকলে আৰক্ষীৰ সহযোগত নিশাৰ ভাগতো ৰাজপথত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

লগতে পঢ়ক: 77th Independence Day 2023 : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড়ৰ দুটা স্থানত হাই মাষ্ট ত্ৰিৰংগা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.