Theft incident: বিদ্যালয়ত চুৰি কৰিবলৈ গৈ হাতে-লোটে ধৰা পৰিল চোৰ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:48 AM IST

thumbnail

চামগুৰি, 13 অক্টোবৰ : ৰাজ্যৰ আন জিলাসমূহৰ সমান্তৰালকে নগাঁৱতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে নগাঁও চহৰৰ সমীপত চলচলি সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰি কৰি থকা অৱস্থাতে বিদ্যালয়খনৰ নৈশ চকীদাৰে হাতে-লোটে এটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ চকীদাৰগৰাকীয়ে চোৰটোক ধৰি স্থানীয় আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে, এই চোৰটোৱে কেৱল এইবাৰেই নহয় ইয়াৰ পূৰ্বেও এবাৰ সোণাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়তেই চুৰিকাণ্ড সংঘটিত কৰি জেইল হাজোতলৈ গৈছিল । কিন্তু জেইলৰ পৰা ওলাই পুনৰ একেখন বিদ্যালয়ৰ চুৰিকাণ্ড সংঘটিত কৰি ৰাইজৰ ৰোষত পৰে চোৰটো। আটকাধীন চোৰটো শিমলুগুৰি গাঁৱৰ আলাল উদ্দিন বুলি জানিব পৰা গৈছে ৷  সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰটোক সোধা-পোচা অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Teacher Arrested at Bihpuria: বিহপুৰীয়াত ভেটী লৈ জালত পৰিল দুই শিক্ষাগুৰু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.