ETV Bharat / state

Teacher Arrested at Bihpuria: বিহপুৰীয়াত ভেটী লৈ জালত পৰিল দুই শিক্ষাগুৰু

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:50 PM IST

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল দুই শিক্ষক । গ্ৰেপ্তাৰ হোৱা শিক্ষক দুজন দেবানন্দ শইকীয়া আৰু মুনিন্দ্ৰ হাজৰিকা ৷

Teacher Arrested at Bihpuria
বিহপুৰীয়াত ভেটি লৈ জালত পৰিল দুই শিক্ষাগুৰু

বিহপুৰীয়াত ভেটি লৈ জালত পৰিল দুই শিক্ষাগুৰু

বিহপুৰীয়া, ১২ অক্টোবৰ : এইবাৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি বিহপুৰীয়া আৰক্ষীৰ জালত পৰিল দুই শিক্ষক । দেবানন্দ শইকীয়া আৰু মুনিন্দ্ৰ হাজৰিকা নামৰ শিক্ষক দুজন পৰিল আৰক্ষীৰ জালত । মুনিন্দ্ৰ হাজৰিকাৰ ঘৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গোসাঁইপথাৰত আৰু দেবানন্দ শইকীয়াৰ ঘৰ সান্দহখোৱা উৰিয়ামপাৰাত ৷

প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰপথাৰৰ বাবুল শইকীয়াৰ পত্নী মীনাক্ষী হাজৰিকা শইকীয়া নামৰ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালালৰূপী শিক্ষক দুজনক । জানিব পৰা মতে, সম্পৰ্কীয় ভগ্নী মীনাক্ষীৰ পৰা ককায়েক মুনিন্দ্ৰ হাজৰিকাই ২০২০ চনতে চাকৰি দিম বুলি চাৰি লাখ পঞ্চাছ হাজাৰ টকা নগদ আৰু ৫০ হাজাৰ টকা অনলাইনযোগে লৈছিল ।

ইয়াৰ পাছতে ২০২১ চনৰ ২১ জানুৱাৰী তাৰিখে বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কানিয়াজান নতুন প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে এখন ভুৱা নিযুক্তি পত্ৰ মীনাক্ষীৰ হাতত চমজাই দিয়ে ককায়েক মুনিন্দ্ৰ হাজৰিকাই । পৰৱৰ্তী সময়ত মীনাক্ষী হাজৰিকাই বিদ্যালয়খনত যোগদান কৰিবলৈ গৈ নিযুক্তি পত্ৰখন ভুৱা বুলি গম পায় আৰু তাৰ পাছৰ পৰাই পইচা ঘূৰাই বিচাৰে ককায়েক মুনিন্দ্ৰ হাজৰিকাক । অৱশেষত ঘূৰাই নিদিয়াত উপায়ান্তৰ হৈ ভনীয়েক মীনাক্ষীয়ে বুধবাৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিত আজি দুয়োগৰাকী শিক্ষকক বিহপুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে দেবানন্দ শইকীয়াৰ ঘৰত চলোৱা অভিযানত চাকৰি প্ৰাৰ্থীৰ তালিকা, ভুৱা নিযুক্তি পত্ৰ, চীল মোহৰকে ধৰি বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে । শিক্ষক দুজনে ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বনপুৰৈ জামুগুৰিৰ খুদ্দেশ্বৰ পেগু নামৰ এজন লোকৰ পৰাও চাকৰিৰ প্ৰলোভনেৰে ১২ লাখ টকা লোৱাৰ উপৰিও আন বহু লোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছে । ইতিমধ্যে আটকাধীন শিক্ষক দুজনৰ বিৰুদ্ধে 180/23 গোচৰ নম্বৰত IPC 420/406/468/34 ধাৰাত গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Police Officer Arrest in Diphu : উৎকোচ লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত ডকমকা থানাৰ অ’চি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.