Heated situation in Hailakandi: হাইলাকান্দিত বন্ধক লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Jun 27, 2023, 5:09 PM IST

thumbnail

হাইলাকান্দি,২৭ জুন: বৰাক বন্ধৰ সমৰ্থনত হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি । বন্ধৰ সমৰ্থনত ওলাই আহিল কটলিচৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ । বন্ধ সমৰ্থনত আগবাঢ়ি আহিছিল বিধায়কগৰাকী । আনহাতে বন্ধ সমৰ্থনকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হয় । পিছে আৰক্ষী-প্ৰশাসনৰ বাধাকো ওফৰাই বন্ধ সমৰ্থকে চৰকাৰ বিৰোধী শ্ল'গান দি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।  

কাটলিচৰাতো বন্ধ সফল হোৱা বুলি উল্লেখ কৰে বিধায়ক সুজামুদ্দিন লস্কৰে । আগন্তুক ঈদৰ বাবে দুখনমান দোকান খোলা থাকিলেও অধিকাংশ ব্যৱসায়ীয়ে ব্যৱসায় বন্ধ কৰি ৰাখি নিষেধাজ্ঞাৰ সমৰ্থন কৰা পৰিলক্ষিত হয় । ইফালে হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত সাহাবাদত উপস্থিত হয় এক বৃহৎ আৰক্ষী বাহিনী ।  

পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ চাহাবাদৰ পৰা আৰক্ষীয়ে কাটলিচৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰসহ আন বহুকেইজন সমৰ্থকক শ্বাহাবাদত ১৪৪ ধাৰা উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । 

লগতে পঢ়ক: Tomato Price Hike : আকাশলংঘী বিলাহীৰ মূল্য, কোন ৰাজ্যত কিমান দৰত বিক্ৰী হৈছে বিলাহী ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.