Wood seized at Hojai : পৰিত্যক্ত অৱস্থাত উদ্ধাৰ লক্ষাধিক মূল্যৰ চেগুনৰ কুণ্ডা

By

Published : Apr 10, 2023, 1:53 PM IST

thumbnail

হোজাই, 10 এপ্ৰিল : দেওবাৰে নিশা হোজাইৰ উদালীত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ মূল্যবান চেগুনৰ কুণ্ডা । বনবিভাগৰ দ্বাৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চেগুনৰ কুণ্ডাখিনি । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লংকা বন বিষয়াৰ নিৰ্দেশত লংকাজান উপ খণ্ডৰ বন বিষয়াৰ কাৰ্যালয়ৰ এটা দলে পথাৰত পৰিত্যক্ত অৱস্থাত উদ্বাৰ কৰিবলৈ সক্ষম হয় মূল্যবান চেগুন গছৰ কুণ্ডাখিনি (Wood seized in Hojai) । 

বন বিভাগৰ লোকে জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য আনুমানিক দুই লাখ মান হ'ব বুলি জানিবলৈ দিয়ে ৷ বন বিভাগৰ লোকে কাঠখিনি জব্দ কৰি লংকাজান উপ খণ্ড বন কাৰ্যালয়লৈ লৈ যায় । বন বিভাগৰ দলটোৱে ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও বিভাগীয়ভাৱে তদন্ত অব্যাহত ৰাখিছে (Forest sub beat office Lanka jan) ।

লগতে পঢ়ক : SGPC lawyers in Guwahati : কাৰাবন্দী খালিস্তানীক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত পঞ্জাৱৰ অধিবক্তাৰ দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.