ETV Bharat / bharat

SGPC lawyers in Guwahati : কাৰাবন্দী খালিস্তানীক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত পঞ্জাৱৰ অধিবক্তাৰ দল

author img

By

Published : Apr 10, 2023, 11:57 AM IST

Updated : Apr 10, 2023, 12:10 PM IST

কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ সহযোগীসকলক সাক্ষাৎ কৰিবলৈ শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিৰ অধিবক্তাৰ দল উপস্থিত হয় ডিব্ৰুগড়ত (SGPC lawyers reached Dibrugarh)। দীপ সিদ্ধুৰ ভাতৃ মনদীপ সিদ্ধুও আছে দলটোত । ডিব্ৰুগড় কাৰাগাৰত ৮ খালিস্তান সমৰ্থক বন্দী হৈ আছে ।

SGPC lawyers in Guwahati
ডিব্ৰুগড়ত পঞ্জাৱৰ অধিবক্তাৰ দল

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল : ডিব্ৰুগড়ত উপস্থিত শিৰোমণি গুৰুদ্বাৰা পৰিবন্ধক সমিতিৰ অধিবক্তাৰ দল (SGPC lawyers reached Dibrugarh)। ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা অমৃতপাল সিঙৰ সহযোগীসকলক সাক্ষাৎ কৰিব অধিবক্তাৰ দলটোৱে । ইফালে শিৰোমণি সমিতিয়ে ঘোষণা কৰিছিল যে অমৃতপাল গোচৰত গ্ৰেপ্তাৰ হোৱা শিখ যুৱকসকলৰ হৈ তেওঁলোকে ওকালতি কৰিব । ইফালে গোচৰটো সম্পৰ্কত ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ ৮ সহযোগীক সাক্ষাৎ কৰিব দলটোৱে ।

অধিবক্তা ভগৱন্ত সিং শিয়ালকাৰ নেতৃত্বত গঠন কৰা হৈছে দলটো । অধিবক্তা ভগৱন্ত সিং শিয়ালকাৰ নেতৃত্বৰ এই দলটোৰ অধিবক্তা ডিব্ৰুগড়ত উপস্থিত হয় । শিৰোমণি সমিতিৰ সভাপতি অধিবক্তা হৰজিন্দৰ সিং ধামীয়ে এই সন্দৰ্ভত কয় যে পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকসকলক যেতিয়া ডিব্ৰুগড় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে । তেওঁ গোচৰটো অনুসৰণ কৰিবলৈ শিৰোমণি সমিতিৰ অধিবক্তাৰ এটা দল প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

ইফালে শিৰোমণি সমিতিৰ অনুৰোধত দীপ সিদ্ধুৰ ভাতৃ মনদীপ সিদ্ধুকো এইটো দলত অন্তৰ্ভুক্ত কৰা হৈছে । যদিও দীপ সিদ্ধুৰ ভাতৃ মনদীপ সিং সিদ্ধুৱে অমৃতপাল সিঙৰ বিৰোধিতা কৰি আহিছে, তেওঁ শিৰোমণি সমিতিৰ অনুৰোধত গ্ৰেপ্তাৰ হোৱা শিখ যুৱকসকলক সাক্ষাৎ কৰিবলৈ ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হৈছে (SGPC lawyers to meet arrested Sikh youth)। ইয়াৰ লগতে, অধিবক্তা ৰোহিত শৰ্মাও তেওঁৰ সৈতে আছে ।

উল্লেখ্য যে অমৃতপাল সিঙৰ সহযোগীসকলক ১৮ মাৰ্চত পঞ্জাৱ আৰক্ষীয়ে শ্বাহকোটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল (Amritpal associates arrested)। গ্ৰেপ্তাৰ হোৱাৰ লগে লগে তেওঁলোকক চাৰ্টাৰ্ড বিমানেৰে অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল (Khalistan supporters shifted to Dibrugarh Jail)।

কিছুদিন পূৰ্বে অমৃতপাল সিঙৰ অধিবক্তা ইমান সিং খাৰাই তেওঁৰ সহকৰ্মীসকলৰ জামিনৰ বাবে এখন আবেদন দাখিল কৰিছিল । এই সন্দৰ্ভত, হেবিয়াছ কৰ্পছ আবেদনৰ শুনানিৰ সময়ত, আদালতে অধিবক্তাজনৰ এই আবেদন অগ্ৰাহ্য কৰে । আদালতে কৈছিল যে যিসকল ব্যক্তিৰ ওপৰত এনএছএ আৰোপ কৰা হৈছে তেওঁলোকৰ বাবে কেনেকৈ জামিন আবেদন দাখিল কৰিব পাৰি । আদালতে অধিবক্তাক ভৰ্ৎসনা কৰিছিল আৰু কৈছিল যে আইনৰ বিষয়ে তেওঁৰ কোনো জ্ঞান নাই । আদালতে অধিবক্তাজনক পৰৱৰ্তী শুনানিত এই সন্দৰ্ভত উত্তৰ দিবলৈও কৈছিল ।

লগতে পঢ়ক :Amit Shah to visit Arunachal : দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অৰুণাচললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : Apr 10, 2023, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.