সমস্যাৰ সমাধান হোৱা নাই চাহ শ্ৰমিকৰ, প্ৰতিবাদত উত্তাল কাকতিবাৰী আৰক্ষী থানা

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 2:32 PM IST

thumbnail

ডিব্ৰুগড়, 30 ডিচেম্বৰ : সমস্যাই লগ নেৰা হৈছে চাহ বাগিচাৰ শ্ৰমিকসকলক । বছৰৰ কামৰ শেষ দিনটোত প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিব লগা হৈছে চাহ বাগিচাৰ শ্ৰমিকে । ইয়াৰ মাজতে শনিবাৰে চৰাইদেউ সোণাৰি কাকতিবাৰী আৰক্ষী থানাত উত্তপ্ত হৈ পৰে পৰিস্থিতি । সোণাৰিৰ কাকতিবাৰী আৰক্ষী থানাত শতাধিক চাহ শ্ৰমিকক আৱদ্ধ কৰাৰ পাচতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ।

তিনিমাহে দৰমহাৰ পৰা বঞ্চিত ডি কে এন্টাৰপ্ৰাইজ কোম্পানীৰ ডিপ্লিং চাহ বাগিচাৰ শ্ৰমিকে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিবাদ কৰিবলৈ যাওঁতে কাকতিবাৰী আৰক্ষী থানাৰ সন্মুখতে আৱদ্ধ কৰে আৰক্ষীয়ে । লগতে তীব্ৰ বাক বিতণ্ডা সৃষ্টি হয় ।

সহস্ৰাধিক শ্ৰমিকৰ প্ৰতিবাদত পৰিৱেশ উত্তাল হৈ পৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক আৰক্ষীক মোতায়েন কৰা হয় । চাহ বাগিচাসমূহৰ উন্নয়ন আৰু অধিক লাভ আদায়ৰ আশাত চৰকাৰে চাহ বাগিচাসমূহ ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিছিল বুলি উত্থাপিত হৈছে অভিযোগ ।

কিন্তু ব্যক্তিগত কোম্পানীসমূহে অধিক লাভ আদায়ত ব্যস্ত থকাত দিনক দিনে বৃদ্ধি পাইছে চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা । এই অভিযোগ চাহ বাগিচাৰ শ্ৰমিকৰ ৷ চৰাইদেউ জিলাৰ সোণাৰিৰ ডিপ্লিং চাহ বাগিচাত কৰ্তৃপক্ষই তিনিমাহ ধৰি শ্ৰমিকসকলক প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।

লগতে পঢ়ক : শান্তি চুক্তিৰ পিচত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিলে আলফাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.