Teachers day 2023: সৰুপথাৰত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:43 PM IST

thumbnail

সৰুপথাৰ,৫ ছেপ্টেম্বৰ: দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ সৰুপথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৬২ সংখ্যক শিক্ষক দিৱস । সৰুপথাৰৰ ইকৰাণীৰ জিলা শংকৰী সংস্কৃতি প্ৰকল্পৰ ধনশিৰি সমন্বয় ক্ষেত্ৰত দিনজোৰা বাৰেৰহণীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে শংকৰদেৱ সংঘ শিক্ষা সমিতিৰ উদ্যোগত ধনশিৰি জিলা শাখাৰ আতিথ্যত উদযাপন কৰে শিক্ষক দিৱসটি ।  

পুৱা প্ৰাতঃ নাম-প্ৰসঙ্গ, বৃক্ষৰোপন,পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত দুপৰীয়াৰ ভাগত মুকলি সভা অনুষ্ঠিত হয় । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় । শিক্ষাৰ পোহৰেৰে জ্ঞান বিলাই একোজনকৈ বটবৃক্ষ সৃষ্টি কৰা অঞ্চলটোৰ কেইবাগৰাকী শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে উক্ত অনুষ্ঠানত । শংকৰদেৱক বিশ্ব দৰবাৰত চিনাকি কৰোৱাৰ উদ্দেশ্যে জন্ম হোৱা শংকৰদেৱ সংঘৰ এই কাৰ্যসূচীত শংকৰদেৱ শংঘৰ কেইবাগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে ।  

লগতে পঢ়ক: Hajj pilgrim in Dalgaon: মক্কাত‌ হজ‌ কৰিবলৈ খোজকাঢ়ি যাত্ৰা ৰৌমাৰীৰ নুৰুলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.