Hajj pilgrim in Dalgaon: মক্কাত‌ হজ‌ কৰিবলৈ খোজকাঢ়ি যাত্ৰা ৰৌমাৰীৰ নুৰুলৰ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 7:23 PM IST

thumbnail

দলগাঁও, ৫ ছেপ্টেম্বৰ: সাত সাগৰ তেৰ নদীৰ সিপাৰে মক্কাত‌ হজ‌ কৰিবলৈ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলে নগাঁৱৰ এগৰাকী লোক । কেৰেলাৰ ছিহাব ছুত্তৰ নামৰ যুৱকজনৰ পিছত এইবাৰ অসমৰ পৰা খোজকাঢ়ি পবিত্ৰ হজলৈ ওলাইছে অসমৰ অখ্যাত নগাঁও জিলাৰ ভিতৰুৱা গাঁও ৰৌমাৰীৰ‌ নুৰুল হক । জটিল ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ সুস্থ হ'লে হজলৈ যাব বুলি আল্লাৰ ওচৰত মন্নত কৰিছিল নুৰুল হক নামৰ লোকজনে ।  

চাৰি বছৰ পিছত সুস্থ হৈ যোৱা ৩০ আগষ্ট তাৰিখে নগাঁৱৰ ভিতৰুৱা গাওঁ ইটাপাৰা ৰৌমাৰিৰ পৰা খোজকাঢ়ি হজ কৰিবলৈ মক্কা অভিমুখে যাত্ৰা আৰম্ভ কৰে নুৰল হকে । ৩০ আগষ্টত যাত্ৰা আৰম্ভ কৰা লোকজন ৪ ছেপ্টেম্বৰত উপস্থিত হয় দৰঙৰ দলগাঁৱত। দলগাঁৱত ৰাইজৰ ব্যাপক সহায়-সঁহাৰি তথা সহযোগিতা লাভ কৰি পুনৰ খাৰুপেটীয়া, মঙলদৈ হৈ ৰাওনা হয় নিজৰ গন্তব্যস্থান মক্কালৈ ।  

উল্লেখযোগ্য যে বিগত বৰ্ষত ভাৰতৰ কেৰেলা ৰাজ্যৰ পৰা খোজকাঢ়ি পবিত্ৰ হজ কৰিবলৈ মক্কালৈ গৈ ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ছিহাব ছুত্তৰ নামৰ যুৱকজন । ছিহাব ছুত্তৰে খোজকাঢ়ি হজ সম্পন্ন কৰাৰ পিছত এইবাৰ ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসম মুলুকৰ পৰা পবিত্ৰ মক্কালৈ হজ কৰিবলৈ খোজ কাঢ়ি যাত্ৰা আৰম্ভ কৰে নুৰুল হকে ।

লগতে পঢ়ক: Bharat Yatra:শিক্ষক দিৱসৰ দিনটোতে অসমৰ পৰা আৰম্ভ ভাৰত যাত্ৰাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.