Ganja seized in Hatigaon: মহানগৰীৰ হাতীগাঁৱত গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

By

Published : Dec 18, 2022, 4:54 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

পুনৰ মহানগৰীৰ হাতীগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Ganja seized in Hatigaon) । হাতীগাঁও আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় ৪০ কিলোগ্ৰাম গাঞ্জা (Hatigaon police patrolling) । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে হাতীগাঁও বিহাৰী বস্তিৰ পৰা অনা হৈছিল নিষিদ্ধ সামগ্ৰীখিনি । AS-01-R0044 নম্বৰৰ বাহনত কঢ়িয়াই অনা হৈছিল জব্দকৃত গাঞ্জাখিনি । লগতে আৰক্ষীয়ে দুই সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় (Smugglers arrested with ganja) ৷ আটকাধীন সৰবৰাহকাৰী ক্ৰমে মাইদি দৈমাৰী আৰু গোপাল বসুমতাৰী । দুয়োৰে ঘৰ ওৰাঙত বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.