Khair tree smuggling: লখিমপুৰত চোৰাং খয়েৰ কাঠ উদ্ধাৰ; গ্ৰেপ্তাৰ ৩

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:15 PM IST

thumbnail

লখিমপুৰ, ২৮ ছেপ্টেম্বৰ: লখিমপুৰ-ধেমাজি জিলাৰ সীমামূৰীয়া অঞ্চলত চোৰাংকৈ অব্যাহত আছে খয়েৰ কাঠৰ বেহা । বৃহস্পতিবাৰে বিয়লি লখিমপুৰ জিলা বন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ মূল্যবান ৰঙা খয়েৰৰ কুন্দা উদ্ধাৰ কৰাৰ লগতে তিনিটা চোৰাং খয়েৰ বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আটকাধীন চোৰাং ব্যৱসায়ীকেইটা পবিত্ৰ চুতীয়া, দিলীপ দাস আৰু বোপ দাস বুলি চিনাক্ত কৰা হৈছে ৷ আটাইকেইটাৰ ঘৰ ধেমাজিৰ গোগামুখ ন-আলিত ৷ 

উল্লেখ্য যে, বৃহস্পতিবাৰে ইটিভি ভাৰতত লখিমপুৰত ৰঙা খয়েৰৰ চোৰাং বেহা সন্দৰ্ভত বিতং বাতৰি সম্প্ৰচাৰ হৈছিল ৷ তাৰ পাচতে তৎপৰ হৈ পৰে বন বিভাগ আৰু আৰক্ষী । লখিমপুৰ জিলা বন বিভাগে তৎকালীনভাৱে অভিযান চলাই পঠালিপাম বন খণ্ডৰ অধীনৰ ধৰ্মপুৰ গাঁৱৰ এখন এৰাবাৰীৰ পৰা ৰঙা খয়েৰৰ ২০ টা কুন্দা উদ্ধাৰ কৰে ৷

অভিযানকাৰী দলে ৰঙা খয়েৰ কুন্দাৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকা সন্দেহত গাঁওখনৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি বগীনদী থানাত আৰক্ষীয়ে তেওঁলোকক সোধপোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Khair tree smuggling : সোৱণশিৰিৰ বুকুৱেদি চলিছে লাখ টকীয়া ৰঙা খয়েৰ গছৰ ক’লা বেহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.