Dacoits Detained : আৰক্ষীৰ জালত ৬ টাকৈ দুধৰ্ষ ডকাইত

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 6:42 PM IST

thumbnail

কলিয়াবৰ, 19 অক্টোবৰ : কলিয়াবৰ আৰক্ষীৰ জালত ৬ টাকৈ দুধৰ্ষ ডকাইত ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত হস্ত নিৰ্মিত এটা পিষ্টলৰ লগতে চোকা অস্ত্ৰসহ ৬ টাকৈ দুধৰ্ষ ডকাইত আটক কৰে কলিয়াবৰ আৰক্ষীয়ে ৷

বুধবাৰে নিশা ৬ টাকৈ দুৰ্বৃত্তই ডকাইতি কৰাৰ উদ্দেশ্যৰে কলিয়াবৰৰ বৰালী গাঁৱত উপস্থিত হৈছিল ৷ স্থানীয় লোকৰ তৎপৰতাত আৰক্ষীৰ তহলদাৰী দলে বৰালী গাঁৱৰ পৰা ৬ টাকৈ ডকাইতক আটক কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

ধৃত ডকাইতকেইটা নাজিম উদ্দিন, আব্দুল লটিফ, গুলজাৰ হুছেইন, শ্বৰিফুল ইছলাম, ৰফিকুল ইছলাম আৰু আবু বক্কৰ চিদ্দিক বুলি জানিব পৰা গৈছে ৷ ডকাইতৰ দলটোৰ পৰা এ এছ ০২ চি চি ৭১৬৮ নম্বৰৰ এখ‘ বাহন জব্দ কৰিছে আৰক্ষীয়ে ৷ 

লগতে পঢ়ক : Cyber Thieves : হায়দৰাবাদৰ পৰা চাইবাৰ চোৰে লুটিলে ১০২ কোটি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.