Durga Puja 2023: মৰিগাঁও সেৱাশ্ৰমৰ দুৰ্গোৎসৱৰ ৰূপালী জয়ন্তী মহোৎসৱ আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:37 PM IST

thumbnail

মৰিগাঁও, ২০ অক্টোবৰ : ধৰালৈ নামিছে দুৰ্গতি নাশিনী দেৱী দুৰ্গা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মৰিগাঁও চহৰতো আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ । মৰিগাঁও সেৱাশ্ৰম প্ৰাংগণতো অনুষ্ঠিত হৈছে দুৰ্গোৎসৱৰ ৰূপালী জয়ন্তী মহোৎসৱ । কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰ পিছতে ২৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খনকৈ পতাকা উত্তোলনৰে আৰম্ভ হৈছে ৰূপালী জয়ন্তী মহোৎসৱৰ কাৰ্যসূচী ।

সপ্তমী দিনাৰ কাৰ্যসূচী লগত সংগতি ৰাখি উলিয়াবলগীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সাংস্কৃতিক দল সমূহে অংশগ্ৰহণ কৰিব । দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰিব তথ্য আৰু জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই । একেদৰে অষ্টমী আৰু নৱমীৰ কাৰ্যসূচীত ক্ৰমে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিৰ্ফ মহম্মদ নাজাৰ উপস্থিত থাকিব । একেদৰে নৱমী পূজাৰ নিশা জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মাই গীতৰ শৰাই আগবঢ়াব । এই বিষয়ে সদৰী কৰিছে সেৱাশ্ৰমৰ দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি বিপিন মহন্তই ।

লগতে পঢ়ক:Navaratri Puja 2023: ঐতিহাসিক হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰত নৱৰাত্ৰি পূজাৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.