Navaratri Puja 2023: ঐতিহাসিক হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰত নৱৰাত্ৰি পূজাৰ আয়োজন

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:29 AM IST

thumbnail

কলিয়াবৰ, 20 অক্টোবৰ : নগাঁও জিলাৰ কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰত অনুষ্ঠিত নৱৰাত্ৰি পূজা ৷ শিলত খোদিত দুৰ্গা প্ৰতিমাৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা হাতীমূৰাৰ মহিষমৰ্দিনী দূৰ্গা মন্দিৰত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে ৷ আজি ষষ্ঠী দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত হ'ব কলিয়াবৰ। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দুৰ্গা পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দুৰ্গোৎসৱৰ ষষ্ঠী ৷

প্ৰবাদ অনুসৰি অৱলীলা ক্ৰমে লুইতেৰে কৰা যাত্ৰাকালত হাতীৰ মূৰসদৃশ এটি শিলত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভূজা দুৰ্গাদেৱীক খোদিত কৰাইছিল ৷ পৰৱৰ্তী সময়ত 1667 শকত ইং 1745 চনত প্ৰতিষ্ঠা কৰা হৈছিল এই দুৰ্গা মন্দিৰটি। ইয়াৰ পিচৰ পৰা হাতীমূৰাৰ মহিষমৰ্দিনী দুৰ্গা মন্দিৰত দুৰ্গা পূজাৰ পৰম্পৰা ধাৰাবাহিকভাৱে চলি আছে। চলিত পৰম্পৰা অনুসৰি প্ৰতিপদৰ পৰা দশমীলৈকে দুৰ্গা পূজা এইবাৰো পালন কৰা হৈছে ঐতিহাসিক মন্দিৰটোত।

লগতে পঢ়ক: Golaghat Triple Murder Case : 87 দিনৰ অন্তত গোলাঘাট ত্ৰিপল্ মাৰ্ডাৰৰ 28 পৃষ্ঠাজোৰা শ্বাৰ্জশ্বীট দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.