Shops closed at Lumding: লামডিং ৰে’লৱে ডিভিজনৰ অধীনৰ ষ্টেচনসমূহত বন্ধ কৰি দিয়া হৈছে একাংশ দোকান

By

Published : Feb 14, 2023, 4:44 PM IST

thumbnail

হাফলং, 14 ফেব্ৰুৱাৰী: লামডিং ৰে’লৱে ডিভিজনৰ অধীনৰ বিভিন্ন ৰে’ল ষ্টেচনসমূহত থকা ভেণ্ডৰসকলৰ সকলো দোকান বন্ধ কৰি দিলে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই (Lamding Railway Division)। যাৰ ফলত যোৱা পাঁচদিনৰ পৰা লামডিং, নিউ হাফলং, বদৰপুৰ, শিলচৰ, কৰিমগঞ্জ, ধৰ্মনগৰকে ধৰি বিভিন্ন ষ্টেচনৰ প্লেটফৰ্মত ৰেষ্টুৰেণ্ট, চাহৰ ষ্টলৰ পৰা আৰম্ভ কৰি সকলো দোকান বন্ধ হৈ আছে ৷ দোকানসমূহ এনেদৰে তলাবন্ধ হৈ পৰাত ৰে’ল যাত্ৰীসকল এতিয়া বিপাঙত পৰিব লগা হৈছে । ষ্টেচনসমূহত কেৱল খাদ্যই নহয় বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰতো তীব্ৰ সংকটে দেখা দিছে ।

এনে পৰিপ্ৰেক্ষিতত ত্ৰিপুৰাকে ধৰি বৰাক উপত্যকাটোৰ পৰা ডিমা হাছাও হৈ দেশৰ ভিন্ন প্ৰান্তলৈ যাত্ৰা কৰা যাত্ৰীসকলে খোৱা পানীকে ধৰি যিকোনো খাদ্যবস্তু উপলব্ধ নোহোৱাত বহু অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । একেলেথাৰিয়ে যোৱা পাঁচ দিন ধৰি দোকানসমূহ বন্ধ হৈ থকাৰ ফলত যাত্ৰীসকলে প্ৰতিদিনে অধিক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে (Shops closed by Railway Department at Lumding) ৷

পাহাৰীয়া জিলাখনৰ নিউ হাফলং ষ্টেচনত খোৱা পানীৰ বাবে যাত্ৰীসকলে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল পথচোৱাৰ মাজৰ ষ্টেচনসমূহত আই আৰ চি টি চি অনুমোদিত ৰেষ্টুৰেণ্ট, চাহৰ দোকান নথকাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে । নিউ হাফলং ষ্টেচনত আই আৰ চি টি চি অনুমোদিত এখন দোকান আছে যদিও সেয়া যাত্ৰীসকলৰ কাৰণে পৰ্যাপ্ত নহয় (Shops closed at Lamding Railway Division)।

ইপিনে এই দোকানসমূহ বন্ধ কৰি দিয়াৰ ফলত কেৱল যাত্ৰী সকলেই সমস্যাৰ সন্মুখীন হোৱা নাই, বছৰ বছৰ ধৰি উক্ত স্থানতে দোকান দিয়া ভেণ্ডাৰসকলৰো জীৱিকাৰ প্ৰতি এক প্ৰকাৰে অনিশ্চয়তা আহি পৰিছে ৷

উল্লেখযোগ্য যে, আই আৰ চি টি চিৰ নিৰ্ধাৰিত ভাৰা আৰু আনুসংগিক চৰ্ত লৈ ভেণ্ডাৰ এছোচিয়েচনে আদালত ৰুজু কৰিছিল এক গোচৰ । এই ক্ষেত্ৰত যোৱা 24 জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয় ৰে’ল কৰ্তৃপক্ষৰ পক্ষত প্ৰদান কৰে ৰায়দান ৷ এই ৰায়দান ৰে’ল কৰ্তৃপক্ষৰ পক্ষত যোৱাৰ পিচতে লামডিং ডিভিচনৰ অধীনত থকা সকলো ৰে’ল ষ্টেচনসমূহত থকা সমূহ দোকানত তলা লগাই দিয়ে ৷ ৰে’ল বিভাগৰ এনে নিৰ্দেশৰ পিচতে ভেণ্ডাৰসকলে ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে যাত্ৰীসকলৰ বাবেও যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: Congress Rejects AIUDF’s Proposal: এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছত বিভাজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.