ETV Bharat / state

Congress Rejects AIUDF’s Proposal: এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰসংগত প্ৰদেশ কংগ্ৰেছত বিভাজন

author img

By

Published : Feb 14, 2023, 2:09 PM IST

APCC divided into two camps on issue of alliance with AIUDF in Assam
প্ৰদেশ কংগ্ৰেছত বিভাজন

খিলঞ্জীয়া ভোটাৰৰ ওপৰত নিৰ্ভৰশীল প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীৰ এ আই ইউ ডি এফৰে মিত্ৰতাৰ ঘোৰ বিৰোধিতা । বংগীয় তথা সংখ্যালঘু ভোটাৰ নিৰ্ভৰশীল নেতাক লাগে এ আই ইউ ডি এফৰে মিত্ৰতা । দুটা শিবিৰত বিভক্ত প্ৰদেশ কংগ্ৰেছ (APCC divided in two part) । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে মিত্ৰতাৰ ক্ষেত্ৰত শেষ সিদ্ধান্ত ল’ব ৰাজনৈতিক পৰিক্ৰমা কমিটী আৰু হাইকমাণ্ডে । এতিয়াও বন্ধ হোৱা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ পথ । বিমোৰত কংগ্ৰেছৰ শীর্ষ নেতৃত্ব । নিজৰ স্থিতি অটল প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ।

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: প্ৰদেশ কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিলেও কিন্তু এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতাৰ বাট এতিয়াও বন্ধ হোৱা নাই । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ প্ৰসংগটো পুনৰ বিশেষভাৱে চৰ্চালৈ আহিছে । অৱশ্যে মিত্ৰতাৰ প্ৰসংগটো বিভিন্ন প্ৰকাৰে প্ৰায়ে চৰ্চালৈ আহে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীকে ধৰি একাংশ নেতাই এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল তথা বিজেপিৰে সম্পৰ্ক থকা বুলি অভিহিত কৰি লোকসভা নিৰ্বাচনত মিত্ৰতাৰ বিৰোধিতা কৰিছে যদিও আন একাংশই নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ মিত্ৰতাৰ পোষকতা কৰিছে ।

ইফালে কংগ্ৰেছৰ ঘোৰ বিৰোধীতাৰ পাছতো এ আই ইউ ডি এফৰ নেতৃত্বই বাৰম্বাৰ মিত্ৰতাৰ পোষকতাই কৰি আহিছে । লক্ষণীয় বিষয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি বহুসংখ্যক নেতাই কোনো কাৰণতে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰে বুলি নিজৰ স্থিতিত অটল হৈ আছে যদিও শেষ সিদ্ধান্ত ল’ব দলৰ ৰাজনৈতিক পৰিক্ৰমা কমিটী আৰু কংগ্ৰেছ হাইকমাণ্ডে (Congress Rejects AIUDF’s Proposal for Alliance)।

APCC divided into two camps on issue of alliance with AIUDF in Assam
প্ৰদেশ কংগ্ৰেছত বিভাজন

ইফালে কংগ্ৰেছৰ ফালৰ পৰা মিত্ৰতা নস্যাৎ কৰাৰ পাছতো এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে মিত্ৰতাৰ চেষ্টা এৰা নাই । আনকি কংগ্ৰেছে শেষ সময়ত মিত্ৰতা কৰিবলৈ বাধ্য হৈ পৰিব বুলি আজমলে ভৱিষ্যবাণী কৰি ৰাখিছে । উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি একাংশই এ আই ইউ ডি এফৰে মিত্ৰতাৰ বিৰোধী স্থিতিত অৱস্থান কৰি আছে যদিও ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লক্ষ্যত আন একাংশই মিত্ৰতাৰ পক্ষ গ্ৰহণ কৰিছে ।

এক কথাত ক'বলৈ গ’লে এ আই ইউ ডি এফৰে মিত্ৰতাৰ প্ৰসংগকলৈ অসম প্ৰদেশ কংগ্ৰেছত ফাট মেলিছে । দেখদেখকৈ দুটা ভাগত বিভক্ত হৈছে দলটো । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা পক্ষই বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা স্থাপনত তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে আনটো পক্ষই এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা স্থাপনত গুৰুত্ব দি কংগ্ৰেছ হাইকমাণ্ডক হেঁচা প্ৰয়োগ কৰিছে ।

প্ৰধানকৈ খিলঞ্জীয়া লোক বসতিপ্ৰধান সমষ্টিসমূহৰ কংগ্ৰেছ নেতাসকল ভূপেন বৰাৰ পক্ষত থিয় দিয়াৰ বিপৰীতে সংখ্যালঘু তথা পূৰ্ববংগীয় লোকৰ আধিপত্য থকা সমষ্টিসমূহৰ কংগ্ৰেছ নেতাসকলে মিত্ৰতা বিচাৰি হাহাকাৰ লগাইছে । দলীয় সূত্ৰই প্ৰকাশ কৰা মতে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে ।

APCC divided into two camps on issue of alliance with AIUDF in Assam
প্ৰদেশ কংগ্ৰেছত বিভাজন

জানিব পৰা মতে তেওঁলোকে কংগ্ৰেছ হাইকমাণ্ডকো বিভিন্ন সময়ত দেখা কৰি এ আই ইউ ডি এফৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে । মিত্ৰতা নকৰিলে ক্ষতি হ’ব পৰা দিশসমূহো সদৰি কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত এ আই ইউ ডি এফৰে মিত্ৰতা কৰা নকৰাক লৈ কংগ্ৰেছ হাইকমাণ্ডো বিমোৰত পৰিছে (Congress refuses to form alliance with AIUDF in Assam) ।

উল্লেখ্য যে এ আই ইউ ডি এফে যদি কলিয়াবৰ, নগাঁও আৰু বৰপেটাত নিজাকৈ প্ৰাৰ্থী থিয় কৰায় তেন্তে উক্ত তিনিওটা সমষ্টিতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব আৰু বিজেপি বা বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে । কিয়নো এই তিনিওটা সমষ্টিতে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে । এনে পৰিস্থিতিত সমষ্টি তিনিটাৰ বৰ্তমানৰ সাংসদ তিনিজনে যিকোনো প্ৰকাৰে হ’লেও এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰাটো বিচাৰিছে ।

APCC divided into two camps on issue of alliance with AIUDF in Assam
প্ৰদেশ কংগ্ৰেছত বিভাজন

কংগ্ৰেছৰ সাংসদ তিনিগৰাকীয়ে দলৰ বিপৰীতে নিজৰ স্বাৰ্থৰ বাবেহে এ আই ইউ ডি এফৰে মিত্ৰতা হোৱাটো বিচাৰিছে বুলি দলৰ ভিতৰচ’ৰাত চৰ্চা হৈছে । উল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা কৰাৰ ফলত উজনি অসমত দলটোৱে বেয়াকৈ মুখথেকেচা খাবলগীয়া হৈছিল । আনকি সেই সময়ত কংগ্ৰেছক মিঞাৰ দল বুলিও বহুতে অভিহিত কৰিছিল ।

সেয়েহে পূৰ্বৰ দৰে যাতে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰ এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা স্থাপন কৰিব বিচৰা নাই । দলটোৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখিয়েই বৰাই এই স্থিতি গ্ৰহণ কৰিছে যদিও সংখ্যালঘুৰ ভোটেৰে পুনৰ সাংসদ হোৱাৰ আশাত এ আই ইউ ডি এফৰে মিত্ৰতাৰ পোষকতা কৰিছে কংগ্ৰেছৰ তিনিগৰাকী সাংসদে । লক্ষ্য পূৰণৰ বাবে আনকি তেওঁলোকে লবীকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে । যাৰ বাবে মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছত এতিয়া দেখদেখকৈয়ে দুটা ভাগৰ সৃষ্টি হৈছে ।

মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছ দুটা ভাগত বিভক্ত হ’লেও কিন্তু চূড়ান্ত সিদ্ধান্ত ৰাজনৈতিক পৰিক্ৰমা কমিটী আৰু হাইকমাণ্ডেহে ল’ব । আনকি এই ক্ষেত্ৰত বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়ায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ কয় যে মিত্ৰতাৰ ক্ষেত্ৰত ৰাজনৈতিক পৰিক্ৰমা কমিটীয়ে লোৱা সিদ্ধান্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিশ্চয় অৱজ্ঞা নকৰিব । কংগ্ৰেছ হাইকমাণ্ডে শেষ সিদ্ধান্ত লোৱাৰ পূৰ্বে ৩৩ খন জিলা কংগ্ৰেছ কমিটীৰ লগত আলোচনা কৰি ল’ব । কংগ্ৰেছ সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল দল বুলি মানুহৰ মনত হোৱা ধাৰণা অমূলক বুলিও উল্লেখ কৰে বিৰোধী দলৰ দলপতি শইকীয়াই ।

তেওঁ কয় যে ৪০ টা মান সমষ্টিত সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ আছে বুলি কোৱা হয় । তেনেদৰে ৮৬ টা মান সমষ্টিত সংখ্যাগুৰুৰ প্ৰভাৱ আছে বুলি ধৰি লোৱা হয় । সংখ্যালঘু ভোটাৰ থকা সমষ্টিসমূহ স্বাধীনতাৰ পাছৰ পৰা কংগ্ৰেছে দখল কৰিব পৰা নাই । লোকসভা নিৰ্বাচনত সংখ্যালঘু লোক থকা সমষ্টিতো কংগ্ৰেছৰ প্ৰাৰ্থী সদায় জয়ী হৈ থকা নাই । তেনে সমষ্টিত চি পি আই, চি পি এম বা আন দলৰ প্ৰাৰ্থীক ৰাইজে নিৰ্বাচিত কৰি আহিছে । তেনেদৰে বিধানসভা নিৰ্বাচনত সংখ্যালঘুৰ প্ৰভাৱ থকা সমষ্টিসমূহত অগপ বা আন অকংগ্ৰেছী প্ৰার্থীক জয়ী কৰাইছে । অর্থাৎ সংখ্যালঘুপ্ৰধান সমষ্টিত সদায় কংগ্ৰেছ জয়লাভ কৰা নাই ।

লক্ষণীয় বিষয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত সংঘাত নতুন নহয় । সেইদৰে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা হোৱাৰ কথাও নতুন নহয় । অৱশ্যে এইবাৰ কি হ’ব সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক: MLA Rupak Sharma: নগাঁৱক নতুন ৰূপত গঢ়াৰ সংকল্প বিধায়ক ৰূপক শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.