Hindi compulsory in NorthEast : আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ তীব্ৰ প্ৰতিক্ৰিয়া

By

Published : Apr 10, 2022, 10:44 PM IST

thumbnail

গৃহমন্ত্ৰী অমৃত শ্বাহে চৰকাৰী ভাষা বিষয়ক লৈ সংসদীয় সমিতিৰ বৈঠকত উত্তৰ-পূৱৰ ৮ খন ৰাজ্যত দশম শ্রেণীলৈ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছিল (Hindi will be compulsory in northeastern states)। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । ভাৰতৰ বহু প্ৰান্তত এই সিদ্ধান্তক আদৰণি জনালেও অসমত এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ আৰম্ভ হৈছে । অসমৰ বিভিন্ন দল সংগঠনে একেমুখে ইয়াৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই (Sankarjyoti Barua on Hindi compulsion) । আছুৰ সম্পাদকগৰাকীয়ে কয় যে ভাষা এটা কোনেও কাৰো ওপৰত জাপি দিব নোৱাৰিব । ভাৰতবৰ্ষত বিভিন্ন ভাষা, ধৰ্মৰ লোক বাস কৰে । তেনেস্থলত এক ধৰ্ম, এক ভাষা কেতিয়াও মানি লোৱা নহ'ব বুলি মন্তব্য কৰে সম্পাদকগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে বিশেষকৈ হিন্দী ভাষা অসমত কেতিয়াও মানি লোৱা নহ'ব (AASU demands govt to withdraw decision about Hindi mandatory)। ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় বিদ্যালয়সমূহত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী জনালে আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.