চৰকাৰলৈ বাট চাই চকুলো টুকিছে অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালে

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 11:25 AM IST

thumbnail

ধেমাজি, 10 ডিচেম্বৰ : আজি শ্বহীদ দিৱস ৷ অসম আন্দোলনৰ 855 গৰাকী শ্বহীদক স্মৰণ কৰি 10 ডিচেম্বৰ দিনটোত ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস ৷ ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত আৰু অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 860 গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য প্ৰত্যেক বছৰে আজিৰ দিনটো ৰাজ্যবাসীয়ে শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে ৷

কিন্তু পৰিতাপৰ বিষয় যে ছবছৰীয়া অসম আন্দোলনত শ্বহীদ বৰণ কৰা ধেমাজি পাঁচআলিৰ জামুগুৰি কোঁচ গাঁৱৰ কমল বৰাৰ পৰিয়ালক দৃষ্টি দিবলৈ আজৰি নাই ৰজাঘৰীয়াৰ ৷ মাত্ৰ এবাৰ পাঁচ লাখ টকা দিয়ে দায়িত্ব সামৰিলে চৰকাৰে ৷ এই অভিযোগ শ্বহীদ পৰিয়াল ৷

ইফালে শ্বহীদ কমল বৰাৰ ৰোগাক্ৰান্ত শতায়ু গৰকা মুক্তিযুদ্ধা পিতৃ টংক বৰা আৰু মাতৃয়ে কটাইছে এক দুর্বিষহ জীৱন ৷ চৰকাৰে অন্যান্য সুবিধা দিয়া দূৰৰে কথা আজিকোপতি নিদিলে এটি চৰকাৰী গৃহও ৷ সেয়ে শোকত বাকৰুদ্ধ হৈ পৰিছে বৃদ্ধ পিতৃ-মাতৃ ৷ লগতে প্ৰতিখন চৰকাৰে শ্বহীদৰ পৰিয়ালক পুনৰ সংস্থাপন নিদিয়াকে ধৰি যথোচিত মৰ্যাদা নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে কমল বৰাৰ পৰিয়ালে ৷

লগতে পঢ়ক : ঋণৰ পাচত ঋণ লৈ চৰকাৰে বোজা জাপি দিছে ৰাইজৰ ওপৰত: মনোজ ধানোৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.