চৰাইদেউৰ 1200 ৰো অধিক লোকে ঢাপলি মেলিলে বিজেপিলৈ - বিজেপিত যোগদান
🎬 Watch Now: Feature Video


Published : Nov 21, 2023, 8:27 PM IST
ডিব্ৰুগড়, 21 নৱেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই অধিক অগ্ৰাসী ৰূপ লৈছে শাসক দল বিজেপি । বিজেপিৰ বিৰুদ্ধে গঠন হোৱা বিৰোধী ঐক্যৰ সাংগঠনিক কাম-কাজ দুৰ্বল কৰাই হৈ পৰিছে শাসক দলৰ প্ৰাধান লক্ষ্য । শাসক দল বিজেপিয়ে জিলাই জিলাই আৰম্ভ কৰিছে বৃহৎ যোগদান কাৰ্যসূচী ।
আজি অৰ্থাৎ মঙলবাৰে চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত চৰাইদেউ জিলাৰ কচুমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিজেপিৰ কৰ্মকতা সন্মানিত আৰু যোগদান কাৰ্যসূচী । ৰাজ্য চৰকাৰৰ দুজনকৈ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত চৰাইদেউৰ কচুমাৰীত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত কংগ্ৰেছ, ৰাইজৰ দল, এজেপি আৰু জাতীয় সংগঠনৰ 1200 ৰো অধিক লোকে বিজেপিত যোগদান কৰে ।
এই যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, দেউৰী স্বায়ত্তশাসিত পৰিষদ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰৱ দেউৰীকে ধৰি চৰাইদেউ জিলা বিজেপিৰ শীৰ্ষ নেতা কৰ্মীসকলে ।
লগতে পঢ়ক : আঘোণতে লুকাই আছে চহা কৃষকৰ শাশ্বত সপোন