ETV Bharat / state

আঘোণতে লুকাই আছে চহা কৃষকৰ শাশ্বত সপোন

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:57 PM IST

আঘোণ মানেই পথাৰৰ সোণোৱালী সোণগুটি ৷ আঘোণতেই বিধে বিধে ভৰপক হৈ পৰিছে জহা-বৰাকে ধৰি নানা তৰহৰ ধানে । ইয়াৰ মাজে মাজে আকৌ কিছু কিছু পথাৰ শুৱনি হৈছে উন্নত জাতৰ ৰঞ্জিত, বাহাদুৰ আদি বিবিধ ধানেৰেও । মুঠৰ ওপৰত এতিয়া যেনিয়েই চোৱা যায় তেনিয়েই কেৱল সোণোৱালী লখিমী (Farmers busy in paddy fields) ।

Farmers busy in Jonai paddy fields
আঘোণ মানেই পথাৰ সোণোৱালী সোণগুটি

আঘোণ মানেই পথাৰ সোণোৱালী সোণগুটি

জোনাই, 21 নৱেম্বৰ : আঘোণ মানেই সোণোৱালী ধান ৷ আঘোণ মানেই সোণোৱালী পথাৰ ৷ আঘোণৰ ছন্দত নাচে চহা কৃষকৰ মনপ্ৰাণ ৷ এতিয়া আঘোণৰ বতৰ । পুৱাৰ কুঁৱলী আৰু সন্ধিয়াৰ নিয়ৰে আৱৰি ধৰিছে আঘোণৰ পথাৰ । হেঁপাহৰ সোণগুটি বোটলাৰ বতৰ এয়া । এই আঘোণৰ মাজতে লুকাই আছে চহা কৃষকৰ শাশ্বত সপোন ।

আঘোণ মাহ বুলিলেই ব্যস্ততাৰ অন্ত নাই চহা কৃষকৰ ৷ দাৱনীৰ পৰা ডাঙৰি উঠোৱা মানুহজনলৈকে কাৰোৰেই যেন আহৰি নাই ৷ সকলো ব্যস্ত ৷ শাওনৰ প্ৰখৰ ৰ’দত বহু কষ্টৰে হাল-কোৰ মাৰি হেপাঁহৰ খেতিডৰা এই আঘোণতে চপাই আনে চহা কৃষকে । হেঁপাহৰ সোণগুটি ঘৰৰ ভঁড়াললৈ অনা হয় এই বতৰতে । আঘোণে মতলীয়া কৰে সোণোৱালী পথাৰৰ লগতে দাৱনীকো ।

কি উজনি, কি নামনি ৷ আঘোণৰ পথাৰত ব্যস্ত কণমানি শিশুৰ পৰা বৃদ্ধলৈকে । এই আঘোণতেই এতিয়া জোনাইৰ পথাৰত ঐঃনিতমৰ সুৰত ৰজনজনাইছে অমৰপুৰ পথাৰ । ব্যস্ততাৰ যেন অন্ত নাই জোনাইৰ গালী অমৰপুৰ চুংক্ৰাং পথাৰৰ দাৱনী আৰু চহা কৃষকৰ । পথাৰৰ শালি, লাহি, ধানে ৰিঙিয়াই মাতিছে জাক-জাক দাৱনীক । বতাহত হালি জালি আছে হেঁপাহৰ লখিমীৰ থোক । ন-ধান চোতালত পেলায় মৰণা মাৰিবলৈ সাজু অসমীয়া ডেকা ৷

শৰতৰ প্ৰখৰ ৰ’দৰ তাপকো নেওচি অমৰপুৰ চুংক্ৰাং গাঁৱৰ ৰাইজে অহা 2026 বৰ্ষত মিচিং জনগোষ্ঠীৰ পঃৰাগ উৎসৱ উদযাপনৰ উদ্দেশ্যে হাঁহি ধেমালী, ৰং-ৰহইচ আৰু ঐঃনিতম জুৰি দাৱনীসকলে ধান দোৱা দেখিবলৈ পোৱা গৈছে । অমৰপুৰ চুংক্ৰাং গাঁৱৰ পথাৰৰ দৃশ্যই মোহিত কৰিছে সকলোকে । এককথাত ক’বলৈ গ’লে ৰাজ্যৰ সকলো পথাৰতে ব্যস্ত হৈ পৰিছে চহা কৃষকৰ লগতে দাৱনীসকলো ।

লগতে পঢ়ক : পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত আঘোণী বাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.