ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে কাম নকৰাকৈয়ে সৰকালে ১২ লাখ টকা

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 5:17 PM IST

thumbnail

দলগাঁও, ২৩ ডিচেম্বৰ: এমজি এনৰেগাৰ আঁচনিৰ নামত শ্যামপুৰ গাঁও পঞ্চায়তত লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ঠিকাদাৰে নামমাত্ৰ মাটি পেলাই‌ লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । অভিযোগ অনুসৰি মোকলাই দিয়া ধন আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য । বিচাৰি পাবলৈ নাই ৩৫ লাখটকীয়া আঁচনি ।

দলগাঁও সমষ্টিৰ বহু পঞ্চায়তত এমজি এনৰেগা আঁচনিখন খিৰতী গাইত পৰিণত হোৱাৰ অভিযোগ উঠিছে । উন্নয়ন খণ্ডটোৰ অন্তৰ্গত শ্যামপুৰ গাঁও পঞ্চায়তত এনৰেগা‌ আঁচনিৰ নামত চলিছে ব্যাপক অনিয়ম । লাখ লাখ টকাৰ আঁচনিৰ ফলক আছে যদিও সেই অনুপাতে নাই আঁচনিৰ কাম । ৩৫ লাখ টকীয়া আঁচনিৰ নামত কেই ট্ৰেক্টৰ মান মাটি পেলাই ধন আত্মসাত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । অভিযোগ অনুসৰি ২০২১-২২ বৰ্ষৰ MGNREGA ৰ অধীনত এখন আঁচনিৰ বাবে বিভাগে আৱন্টন দিয়ে ৩৫ লাখ ৫১ হাজাৰ ৪০০ টকা ।  

চৰকাৰে বান পীড়িতৰ সুবিধাৰ্থে ওখ ভেঁটি নিৰ্মাণৰ বাবে অনুমোদন দিছিল এই বৃহৎ পৰিমাণৰ ধন । কিন্তু ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি নামমাত্ৰ মাটি পেলাই ১২ লাখ ৩৮ টকা একাংশ বিষয়া কৰ্মচাৰীৰ‌ জৰিয়তে উঠাই লয় । মোকলাই দিয়া ধন আৰু কামৰ মাজত আকাশ-পাতাল পাৰ্থক্য । একাংশ বিষয়া কৰ্মচাৰীয়ে আঁচনি পৰিদৰ্শন নকৰাকৈয়ে বুজাবুজিৰে বিলত চহী কৰি মোকলাই দিয়ে লাখ লাখ টকা ।  

লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ 6 গৰাকী প্ৰাৰ্থীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.