ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ 6 গৰাকী প্ৰাৰ্থীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 1:07 PM IST

North Cachar Hills Autonomous Council election
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

North Cachar Hills Autonomous Council election: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত 8 জানুৱাৰীত অনুষ্ঠিত হ’ব । নিৰ্বাচনৰ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ 6 বিজেপি প্ৰাৰ্থীৰ ৷ পৰিষদৰ হামৰি, গুণজোং, হাৰেংগাজাও, হাজাদিছা, পূৱ মাইবাং আৰু পশ্চিম মাইবাং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰে তেওঁলোকৰ মনোনয়ন ৷ ভয়-ভাবুকিৰে প্ৰাৰ্থীকেইগৰাকীৰ মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ কংগ্ৰেছৰ ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন

হাফলং, 23 ডিচেম্বৰ: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাত জয়ী হ’ল বিজেপিৰ 6 গৰাকী প্ৰাৰ্থী । শুকুৰবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সংবাদমেল সম্বোধন কৰি অভিযোগ কৰিছিল বৃহস্পতিবাৰ নিশাৰ পৰা কংগ্ৰেছৰ তিনিগৰাকী প্ৰাৰ্থী সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ কোনো ধৰণৰ শুংসূত্ৰ নাই ।

এই তিনিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আছিল হামৰি সমষ্টিৰ দৰথাং থাওচেন, পশ্চিম মাইবাং সমষ্টিৰ ধীৰাজ লাংথাচা আৰু হাজাডিচা সমষ্টিৰ ৰূপীনাথ চেংয়ুং । কিন্তু আচলতে দেখা গ’ল শুকুৰবাৰে মনোনয়ন প্ৰত্যাহাৰৰ দিনত কংগ্ৰেছৰ এই তিনিগৰাকী প্ৰাৰ্থীৰ লগতে হাৰেংগাজাও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পপিল হোজাই, গুণজোং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়থন লংমাইলাই আৰু পূৱ মাইবাং সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাপচ থাওচেন মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ।

কংগ্ৰেছৰ এই 6 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ লগে লগে হামৰি সমষ্টিত বিজেপি প্ৰাৰ্থী মনজিত নাইডিং, পশ্চিম মাইবাং সমষ্টিত বিজেপি প্ৰাৰ্থী মোহিত হোজাই, পূৱ মাইবাং সমষ্টিত বিজেপি প্ৰাৰ্থী মনজয় লাংথাচ, গুণজোং সমষ্টিত বিজেপি প্ৰাৰ্থী নজিৎ কেম্প্ৰাই, হাজাদিছা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰজিত হোজাই আৰু হাৰেংগাজাও সমষ্টিত আমেন্দু হোজাই বিনা প্রতিদ্বন্দ্বিতাত জয়লাভ কৰে ৷

কিন্তু কংগ্ৰেছৰ এই ছয়গৰাকী প্ৰাৰ্থীয়ে কিয় মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ । কংগ্ৰেছৰ অভিযোগ, ভয় ভাবুকিৰে কংগ্ৰেছৰ এই প্ৰাৰ্থীকেইগৰাকীৰ মনোনয়ন প্ৰত্যাহাৰ কৰোৱা হৈছে । উল্লেখ্য যে, অহা 8 জানুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: হঠাৎ সন্ধানহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ তিনিজনকৈ কংগ্ৰেছ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.