ETV Bharat / state

হঠাৎ সন্ধানহীন উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ তিনিজনকৈ কংগ্ৰেছ প্ৰাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 6:41 PM IST

Press Meet of APCC General Secretary
হাফলং ৰাজীৱ ভৱনত সংবাদমেল

NC Hills Autonomous Council Election : মনোনয়ন পত্ৰ দাখিলৰ পিছৰে পৰা ডিমা হাছাওত তিনিজনকৈ কংগ্ৰেছৰ প্ৰাৰ্থী সন্ধানহীন হৈ থকাৰ অভিযোগ ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ হাফলং ৰাজীৱ ভৱনত সংবাদমেলত ৷

কংগ্ৰেছৰ তিনিজনকৈ প্ৰাৰ্থী সন্ধানহীন হৈ থকাৰ অভিযোগ

হাফলং, 22 ডিচেম্বৰ: ডিমা হাচাওত এতিয়া নিৰ্বাচনী জ্বৰ ৷ ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে সমাপ্ত হ’ল মনোনয়ন পত্ৰ দাখিলৰ দিন ৷ মনোনয়ন পত্ৰ দাখিলৰ পিছৰে পৰা অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা তিনিজনকৈ কংগ্ৰেছৰ প্ৰাৰ্থী সন্ধানহীন হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে ৷

এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ ডিমা হাছাও জিলা কংগ্ৰেছৰ তত্বাবধায়কৰ দায়িত্বত থকা তথা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই হাফলং ৰাজীৱ ভৱনত শুকুৰবাৰে এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে ৷

হাফলং ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বুধবাৰ আৰু বৃহস্পতিবাৰে পৰিষদৰ 28 টা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে ৷ কংগ্ৰেছ দলৰ এই প্ৰাৰ্থী তালিকাখন দেখি বিৰোধী দল সমূহ শংকিত হৈ পৰিছে বুলি মন্তব্য কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কংগ্ৰেছৰ তিনিগৰাকী প্ৰাৰ্থী সন্ধানহীন হৈ আছে বুলি অভিযোগ কৰে ৷ তেওঁ লগতে সন্ধানহীন তিনি গৰাকী প্ৰাৰ্থীক অপহৰণ কৰা হৈছে বুলিও অভিযোগ কৰে ৷

তেওঁ কয় যে, বৃহস্পতিবাৰৰ পৰা এই তিনিগিৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ লগতে তেওঁলোকৰ পৰিয়াল আৰু কংগ্ৰেছ দলৰ লগতে কোনো যোগাযোগ স্থাপন হোৱা নাই ৷ তেওঁলোকৰ ম’বাইল ফোন বন্ধ হৈ আছে ৷ ইতিমধ্যে এই সন্দৰ্ভত জিলা ৰিটাৰ্ণিং বিষয়া তথা জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসক অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্যই ৷

তদুপৰি 8 জানুৱাৰীত অনুষ্ঠিত হ’ব লগা নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনায় কংগ্ৰেছ দলে ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই জানিবলৈ দিয়া অনুসৰি পাৰ্বত্য পৰিষদৰ হামৰি, পশ্চিম মাইবাং আৰু হাজাদিছা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ক্ৰমে দংথাৰ থাওচেন, ধীৰাজ লাংথাচা আৰু ৰূপীনাথ চেংয়ুং বৃহস্পতিবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছে ৷

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰীৰ সন্দৰ্ভত কি ক’লে জিপি সিঙে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.