এ পি এছ চি কেলেংকাৰীৰ সন্দৰ্ভত কি ক’লে জিপি সিঙে ?

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 5:31 PM IST

thumbnail

গুৱাহাটী, 22 ডিচেম্বৰ: এ পি এছ চি কেলেংকাৰীত জড়িতৰ তথ্য পোৱাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব- এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । তেওঁ কয় ‘‘ এ পি এছ চি কেলেংকাৰীৰ তদন্ত এছ আই টি য়ে কৰি আছে । ২০১৬ চনৰ পৰা তথ্য প্ৰমান সংগ্ৰহ কৰিবলগীয়া হৈছে । গতিকে সময় লাগিব ।’’

ইতিমধ্যে আদালতত ১২-১৩ খন অভিযোগনামা তথ্য-প্ৰমানসহ দাখিল কৰা হৈছে বুলি মন্তব্য কৰি জি পি সিঙে কয় যে সেই তথ্য-প্ৰমান অধ্যয়নৰ বাবে আদালতৰ অনুমতি লৈ অধ্যয়ন কৰিবলগীয়া হৈছে ৷ সেয়ে সময় লাগিছে । তথ্য-প্ৰমাণ পোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷’’

আনহাতে তেওঁ মাটিৰ দালালৰ সন্দৰ্ভতো মন্তব্য কৰি কয় । সকলো জিলাত মাটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ক’ত ক’ত দুই নম্বৰী হৈছে সেইটো ধৰা পৰাৰ পিছত প্ৰতিখন জিলাত ব্যৱস্থা লোৱা হ’ব ৷

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ ৰায় মানিবলৈ সন্মত জি পি সিং; এছ পি ৰাজেন সিঙৰ কাণ্ডৰ বাবে খুজিলে ক্ষমা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.