ধেমাজিত সাংসদ উন্নয়ন পুঁজিৰ সমূহীয়া ভৱন নিৰ্মাণত অনিয়ম

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:50 PM IST

thumbnail

ধেমাজি, ১৩ ডিচেম্বৰ: ধেমাজি জিলাত সাংসদ উন্নয়ন পুঁজি ব্য়য়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ সমূহীয়া ভৱন নিৰ্মাণৰ নামত কেলেংকাৰী সংঘটিত হোৱাত সৰৱ হৈ পৰিছে ৰাইজ । সমূহীয়া ভৱন নিৰ্মাণৰ ৱাবে আৱন্টন হোৱা দহ লাখ টকা কোনো কাম নকৰাকৈ গোগ্ৰাসে গিলিলে অসম গণ পৰিষদৰ জিলা সভাপতি লক্ষীধৰ শেনচোৱাই ৷ লক্ষীধৰ শেনচোৱা কেৱল অসম গণ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতিয়েই নহয়, অসম অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বৰ্ডৰো উপাধ্যক্ষ ৷  

নিৰ্মাণৰ নামত কোনো কাম নকৰাকৈ আবন্টিত দহ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে অগপ তৃণমূল কৰ্মীয়ে ৷ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা ২০১৯-২০ বৰ্ষৰ বাবে এমপিএলএডিৰ (আৰ/এছ) অধীনত অসম গণ পৰিষদ কাৰ্যালয় ধেমাজিৰ ওচৰত সমূহীয়া ভৱন নিৰ্মাণৰ বাবে ১০ লাখ টকা আৱন্টন দিছিল । পত্ৰ No-DD DCP -310/MPLAD RS 2019-20 Dated 5th January যোগে এই ধনৰ আৱন্টন দিছিল ৷

কিন্তু অগপৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ৰ কাষত আজিলৈকে কোনো সমূহীয়া ভৱন নিৰ্মাণ কৰা হোৱা নাই । 17/01/2023 তাৰিখে এপেক্স বেংকৰ ধেমাজি শাখাৰ পৰা লক্ষীধৰ শেনচোৱাৰ এছ বি আইৰ ধেমাজি শাখাত থকা ব্যক্তিগত একাউন্ট নম্বৰলৈ ছয় লাখ টকা ট্ৰেন্সফাৰ কৰাৰ লগতে উক্ত তাৰিখতে নগদ এক লাখ টকা লক্ষীধৰ শেনচোৱাই উলিয়াই নিয়াৰ অভিযোগ কৰি অগপৰ ধেমাজিৰ তৃণমূল কৰ্মীয়ে মুখ্যমন্ত্ৰীলৈ তদন্তৰ দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে অভিযোগকাৰী দলীয় কৰ্মীগৰাকীয়ে দোষীক উপযুক্ত শাস্তিৰ দাবী জনাইছে ৷

লগতে পঢ়ক:সংসদত অসমৰ বিৰোধী সাংসদৰ কোনে কি কৰিলে যোৱা ৫ বছৰত ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.