Rongali Tingkhang 2023 : জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰিল ৰঙালী টিংখাং 2023

By

Published : May 7, 2023, 1:55 PM IST

thumbnail

ডিব্ৰুগড়, 7 মে’: সামৰণি পৰিল ডিব্ৰুগড়ৰ টিংখাঙৰ লেঙেৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙালী-TINGKHANG 2023 । টিংখাং সাংস্কৃতিক মঞ্চ আৰু লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন এই অনুষ্ঠানত অংশগ্ৰহণ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে (Rongali Tingkhang 2023) ৷  

জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰে "ৰঙালী-TINGKHANG 2023" "Northeast - A Cultural Melting Pot" । শেষৰ নিশা সংগীত পৰিৱেশনেৰে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে জুবিন গাৰ্গে ৷ কেৱল ইমানেই নহয়, সংগীত পৰিৱেশনৰ মাজৰে ধেমেলীয়া কথাৰে জনপ্ৰিয় শিল্পীজনে ৰাইজক আনন্দও দিয়ে (Zubeen garg in Rongali Tingkhang 2023) ।

ইফালে সন্ধিয়াৰে পৰা জুবিনৰ গীত উপভোগ কৰিবলৈ ৰৈ থকা দৰ্শকক পুৱতি নিশা এটাৰ পাচত আন এটা গান উপহাৰ দিয়ে জুবিনে । স্বভাৱসুলভ ভাবে মঞ্চত উঠি ধেমেলীয়া কথাৰে অনুষ্ঠান আৰম্ভ কৰা হাৰ্টথ্ৰব জুবিন গাৰ্গে উত্তৰ পূৰ্বাঞ্চলক সামৰি ৰঙালী- TINGKHANG অনুষ্ঠিত কৰা বাবে উদ্যোগতা বিশেষকৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে এই ধৰণৰ অনুষ্ঠান হৈ থাকিব লাগে বুলিও কয় শিল্পীগৰাকীয়ে ।

লগতে পঢ়ক: Cannes Film Festival : কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত প্ৰদৰ্শিত হ’ব মণিপুৰী ছবি ঈশানৌ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.