ETV Bharat / entertainment

Cannes Film Festival : কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত প্ৰদৰ্শিত হ’ব মণিপুৰী ছবি ঈশানৌ

author img

By

Published : May 7, 2023, 10:24 AM IST

কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত প্ৰদৰ্শিত হ’ব বিশ্ব ক্লাছিকৰ মৰ্যাদা লাভ কৰা মণিপুৰী ছবি ‘ঈশানৌ’ । কাঁ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হোৱা ছবিখন পৰিচালনা কৰিছে অৰিবাম শ্যাম শৰ্মাই ৷

WORLD CLASSIC STATUS FOR MANIPURI FILM ISHANOU TO BE SCREENED AT CANNES
কানত প্ৰদৰ্শিত হ’ব ঈশানৌ

চিটাৰা ডেস্ক, ৭ মে’: ১৯৯০ চনৰ ‘ঈশানৌ’ ছবিখনৰ পুনৰুদ্ধাৰ কৰা সংস্কৰণে আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে মৰ্যাদা(Cannes Film Festival) ৷ কিয়নো ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ হ’ব ১৬ মে’ৰ পৰা ২৭ মে’লৈ অনুষ্ঠিত হ’বলগীয়া কাঁ চলচ্চিত্ৰ মহোৎসৱৰ কাঁ ক্লাছিক অংশত । ইয়াৰ পূৰ্বে ১৯৯১ চনত কানত প্ৰদৰ্শিত হৈছিল এই ছবিখন (Manipuri film Ishanou) ।

মণিপুৰ ষ্টেট ফিল্ম ডেভেলপমেণ্ট ছ’চাইটিৰ বিষয়াসকলে জনোৱা মতে, ছবিখনত অভিনয় কৰিছে অনুবম কিৰণমালা আৰু কংজাম টম্বাই (Ishanou to premiere at Cannes Film Festival)। এই ছবিখন মণিপুৰৰ মাবী সংস্কৃতিৰ অন্তৰ্গত আৰু বিশ্ব ক্লাছিক হিচাপে স্বীকৃতি লাভ কৰিছে ছবিখনে ।

১৯৯০ চনত নিৰ্মিত ৯১ মিনিটৰ এই ছবিখনে ইয়াৰ পূৰ্বে ১৯৯১ চনত কাঁৰ আন চাৰ্টেইন ৰিগাৰ্ড শিতানত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছিল । ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যন, মুম্বাই আৰু পৰিচালক আৰিবাম শ্যাম শৰ্মাৰ সহযোগত এমএছএফডিএছে ‘ঈশানৌ’ৰ এক অভিলাষী পুনৰুদ্ধাৰ প্ৰজেক্ট হাতত লৈছিল (Ishanou directed by Aribam Syam Sharma) । ‘ঈশানৌ’ হৈছে এছ এন চান্দ চিনে আৰ্কাইভ আৰু এম এছ এফ ডি এছৰ সংগ্ৰহালয়ে ডিজিটেলাইজ কৰা দ্বিতীয়খন চেলুলয়ড মণিপুৰী বৈশিষ্ট্যপূৰ্ণ ছবি (Film Heritage Foundation)।

মণিপুৰৰ ফিল্ম ফ’ৰামৰ সভাপতি লাইমায়ম সুৰজকান্ত শৰ্মাই কয় যে শ্যাম শৰ্মা মণিপুৰী ছবিৰ আগৰণুৱা, ৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ সাংস্কৃতিক আৰু আৱেগিক সূক্ষ্মতাক মানৱীয়ভাৱে চিত্ৰিত কৰিবলৈ অক্লান্তভাৱে কাম কৰি আছে । মণিপুৰৰ বিভিন্ন চলচ্চিত্ৰ সম্পৰ্কীয় সংস্থাই যোৱা বছৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক শ্যাম শৰ্মাক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল ।

যোৱা বছৰৰ নৱেম্বৰ মাহত গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৩ সংখ্যক সংস্কৰণত ‘মণিপুৰী ছবিৰ সোণালী জয়ন্তী’ বিশেষ শিতানৰ অধীনত মণিপুৰী ছবি প্ৰদৰ্শন কৰা হৈছিল। (IANS)

লগতে পঢ়ক: The Kerala Story: পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ‘দ্য কেৰালা ষ্ট’ৰী’ৰ নিৰ্মাতাসকলক ক’লে, তোমালোকৰো তেনেই অৱস্থা হ’ব যেনেদৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.