Road Accident: জীয়াঢলত বাগৰি পৰিল বিলাসী ভাৰ্ণা বাহন, কথমপি প্ৰাণ ৰক্ষা এজনৰ

By

Published : Jun 22, 2023, 11:01 PM IST

thumbnail

ধোমাজি, 22 জুন : ৰাজ্যজুৰি বানৰ বিভীষিকা ৷ ধেমাজিৰ ভজুগাঁৱৰ ১৫নং ৰাষ্টীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পানীত পৰিল এখন বিলাসী বাহন ৷ কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালকৰ ৷ 

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰেৰে জীয়াধল নদীৰ বাঢ়নী পানী বাগৰি সৃষ্টি হোৱা গাঁত আৰু পথৰ ওপৰত পানী বৈ অহাৰ ফলত নৈত বাগৰি পৰে এখন বিলাসী হুণ্ডাই ভাৰ্ণা বাহন ৷ এই দুৰ্ঘটনাটোত WB-06-G-8484 নম্বৰৰ গাড়ীখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ তীব্ৰ বেগ আৰু পথৰ ওপৰেৰে বাগৰা জীয়াধলৰ পানীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰে স্থানীয় লোকে ৷  আঘাতপ্ৰাপ্ত চালকজনৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও তেওঁ লখিমপুৰৰ বগীনদীৰ বুলি জানিব পৰা গৈছে ৷  
লগতে পঢ়ক: Menace for an incomplete culvert: যমদূতৰ ৰূপ লৈছে অৰ্ধনিৰ্মিত কালভাৰ্টে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.