ETV Bharat / state

Menace for an incomplete culvert: যমদূতৰ ৰূপ লৈছে অৰ্ধনিৰ্মিত কালভাৰ্টে

author img

By

Published : Jun 22, 2023, 8:13 PM IST

এটা অৰ্ধনিৰ্মিত কালভাৰ্টৰ বাবে জ্বলা-কলা খাইছে যোৰহাটৰ মৰিয়নিবাসীয়ে । অৰ্ধনিৰ্মিত কালভাৰ্টৰ কাষেৰে নিৰ্মাণ কৰি দিয়া জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকূলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে । অতিশীঘ্ৰে কালভাৰ্টটো নিৰ্মাণ কৰি কৰ্মৰত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান স্থানীয় ৰাইজৰ ।

Pathetic condition of a road in Morioni
যমদূতৰ ৰূপ লৈছে অৰ্ধনিৰ্মিত কালভাৰ্টে

যমদূতৰ ৰূপ লৈছে অৰ্ধনিৰ্মিত কালভাৰ্টে

যোৰহাট,২২ জুন: চৌদিশে উন্নয়নৰ জয়গান । যোগাযোগৰ সু-ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্যৰ ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ । পিছে উন্নয়নৰ নামত খন্দা খালে কালৰূপে ঠিয় দিছে বিভিন্ন স্থানত । চৰম অনিশ্চিয়তাৰ মাজেৰে পাৰ হ'ব লাগে পথচাৰী । উপায়ন্তৰ হৈ এগৰাকী কলেজীয়া ছাত্ৰীয়ে মুখ্যমন্ত্ৰীলৈ জনালে আহ্বান- "মামা আমাক পথটো ভাল কৰি দিয়ক" ।

এটা কালভাৰ্টৰ বাবে যমৰ যন্ত্ৰণা ভূগিছে যোৰহাটৰ মৰিয়নিবাসীয়ে । একাংশ ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ দুনীৰ্তি পৰায়ণ মনোভাৱ আৰু মইমতালিৰে কাম কৰা বাবেই বিভিন্ন পথ, দলং আৰু কালভাৰ্টৰ অসম্পূৰ্ণ ছবিখন পুনৰবাৰ দেখা গ'ল যোৰহাটৰ মৰিয়নিত । আজিৰে পৰা প্ৰায় তিনিমাহ পূৰ্বে মৰিয়নিৰ নকছাৰিৰ T.B.N পথত লোকনিৰ্মাণ বিভাগে এটা কালভাৰ্টৰ নিৰ্মাণ কাম আৰম্ভ কৰিছিল । কিন্ত আজিকোপতি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল উক্ত কালভাৰ্ট ।

ফলত অৰ্ধ নিৰ্মিতভাৱে থাকি যোৱা কালভাৰ্টে জ্বলা-কলা খুৱাইছে মৰিয়নিৰ নকছাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজক । বিভাগীয় বিষয়া আৰু জনৈক চাহু নামৰ ঠিকাদাৰৰ মইমতালি বাবেই এতিয়া দুৰ্ভোগ ভূগিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । ৩ মাহে এটা কালভাৰ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক ব্লেক লিষ্টটেড কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই স্থানীয় ৰাইজে ।

জনৈক ছাহু নামৰ ঠিকাদাৰজনে নিমাৰ্ণ কৰা পথটো নিম্ন মানদণ্ডৰ হোৱা আৰু পথৰ ওপৰত পানী জমা হোৱাৰ লগতে খহি পৰাৰো অভিযোগ উথাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে অৰ্ধনমিত কালভাৰ্টতোত কোনো সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰা বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে ৰাইজে । এইজন জনৈক চাহু উপাধি ঠিকাদাৰে লোক নিৰ্মাণ বিভাগ বিষয়াক মেনেজ কৰি এইদৰে ৰাইজক পনবন্দী কৰিবলৈ সাহস কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, তেওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে ।

আনহাতে অৰ্ধনিৰ্মিত কালভাৰ্টটো সম্পূৰ্ণ নোহোৱা বাবে কাষতে নিৰ্মাণ কৰি দিয়া জৰাৰ্জীৰ্ণ বাহ দলঙেৰে বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মৰণত শৰণ দি যাতায়ত কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হৈছে । সেয়েহে স্থানীয় ৰাইজে পথটোক শীঘ্ৰে যাতায়ত বাবে সুচল কৰি জনৈক নামৰ ঠিকাদৰজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাক লৈ বিজেপিৰ মিত্রদল অগপত মতান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.