Road accident at Rangapara: ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

By

Published : Nov 6, 2022, 9:39 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Rangapara) ৷ ৰঙাপৰাৰ উৰণীয়া সেতুৰ ওপৰত মটৰ চাইকেল আৰু চাৰি চকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এজন মটৰ চাইকেলৰ আৰোহী থিতাতে মৃত্যুমুখত পৰে (One dead in Road accident) ৷ AS12AF 6511 নম্বৰৰ KIYA গাড়ী আৰু AS12AF 1858 নম্বৰৰ মটৰ চাইকেলৰ মাজত সংঘৰ্ষ হয় ৷ বাইকত আৰোহী দুজন ডাৱৰ কোম্পানীৰ পৰা কাম কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত পথত দুৰ্ঘটনাত পতিত হয় ৷ আহত দুয়োজনকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত (Tezpur Medical College Hospital) প্ৰেৰণ কৰা হৈছিল যদিও শান্তিয়াজ হৰ নামৰ যুৱকজনৰ মৃত্যু ঘটে আৰু বৰ্তমান ইশ্বাক চবৰ চিকিৎসাধীন হৈ আছে ৷ বাইক আৰোহী দুজনৰ ঘৰ ৰঙাপৰা থানাৰ অন্তৰ্গত ৰৌনাথপুৰৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ যুৱকজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.