Majuli Flood :মাজুলীত বান পীড়িতক সাহায্য প্ৰদান, ভকত চাপৰিবাসীৰ বাবে প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:27 PM IST

thumbnail

মাজুলী,30 আগষ্ট : সমগ্র ৰাজ্যৰ লগতে মাজুলীতো বানৰ তাণ্ডৱ । বিশেষকৈ মাজুলীৰ নৈপৰীয়া অঞ্চল ভদীয়া বানৰ কবলত ৷ বানৰ বাবে আজিও বন্ধ আছে মাজুলী-নিমাতী ফেৰী সেৱা । ইফালে বনাক্ৰান্তক কিছু সকাহ দিয়াৰ অৰ্থে আগবাঢ়ি আহিছে মাজুলী অনুসূচীত জাতি উন্নয়ন বৰ্ড ৷ বুধবাৰে অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত বান পীড়িত ৰাইজৰ মাজত সাহায্য প্ৰদান কৰে । সোণাৰীবাৰীত সাহায্য প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে মাজুলীৰ বিধায়ক ভূৱন গাম । 

মাজুলীৰ যিকেইখন গাঁও বানৰ কবলত পৰিছে সকলোৱে সাহায্য লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক ভূৱন গামে ৷ ইফালে মঙলবাৰে ভকত চাপৰি সংযোগী কাঠৰ দলং বানত উটি যোৱাৰ প্ৰসংগত কয় , ‘‘এই সম্পৰ্কে জ্ঞাত । চৰকাৰৰ ফালৰ পৰা ভকত চাপৰিবাসীক যিমান সহায় কৰিব লাগে কৰা হ’ব আৰু যোগাযোগ ব্যাহত নহবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷’’

লগতে পঢ়ক:Majuli Flood 2023: ঢলে উটুৱালে দলং; নাৱৰ ব্যৱস্থা কৰাৰ দাবী ছাত্ৰ মুক্তিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.