Majuli Flood 2023: ঢলে উটুৱালে দলং; নাৱৰ ব্যৱস্থা কৰাৰ দাবী ছাত্ৰ মুক্তিৰ

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 12:36 PM IST

thumbnail

মাজুলী, 30 আগষ্ট : সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ভদীয়া বানৰ তাণ্ডৱ অব্যাহত আছে । ভদীয়া বানৰ বাবে বন্ধ আছে নৈ পৰীয়া বিদ্যালয়, বন্ধ আছে মাজুলী নিমাতী ফেৰী সেৱা । মঙলবাৰে কেমেৰাৰ সন্মুখতে ভদীয়া বানে উটুৱাই লৈ যায় ভকত চাপৰি সংযোগী কাঠৰ দলংখন । ভকত চাপৰিৰ বিভিন্ন গাঁৱৰ মাজুলীৰ আন অঞ্চলৰ লগত যোগাযোগৰ একমাত্র সম্বল আছিল এই দলংখন । বানত দলংখন উটি যোৱাৰ লগে লগেই এক প্ৰকাৰ গৃহবন্দী হৈ পৰিছে ভকত চাপৰিৰ বহুকেইখন গাঁৱৰ লোক । 

বানত ভকত চাপৰি সংযোগী কাঠৰ দলং উটি যোৱাৰ পাচতো যাতে ভকত চাপৰিৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰাৰ লগতে, ভকত চাপৰিবাসীয়ে চিকিৎসাৰ ক্ষেত্ৰত বা আন কিবা কাৰণত অসুবিধাত নপৰে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলা সমিতিয়ে । দলং উটি যোৱা স্থানত তাৎক্ষণিক ভাৱে নাওৰ যোগান ধৰি অঞ্চলবাসীক উপকৃত কৰাৰ দাবী তোলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাজুলী জিলা সমিতিয়ে ।

লগতে পঢ়ক: Flood in Majuli : ভদীয়া বানৰ কবলত মাজুলীৰ নৈ পৰিয়া অঞ্চল; বানৰ বাবে বন্ধ বিদ্যালয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.