ওদালগুৰিৰ খৈৰাবাৰী গুৰিহাটীত 63 সংখ্যক ৰাস মহোৎসৱ পালন

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:08 AM IST

thumbnail

ওদালগুৰি, 2 ডিচেম্বৰ : বিগত বৰ্ষৰ দৰে এইবাৰো ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী গুৰিহাটীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে ।  খৈৰাবাৰী গুৰিহাটী ৰাস উদযাপন সমিতিয়ে আয়োজন কৰা 63 সংখ্যক ৰাস মহোৎসৱখনি 25 নৱেম্বৰ পৰা 7 ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ৷ ইফালে শুকুৰবাৰে নিশা ৰাস মহোৎসৱস্থলীত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷

প্ৰায় 40 লাখ টকাৰ ব্যয় সাপেক্ষে আয়োজন কৰা ৰাস মহোৎসৱত এইবাৰৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে সৰ্প দুৱাৰ লগতে চেল্ফি জ’ন ৷ আনহাতে, অঞ্চলটোক প্ৰতিনিধিত্ব কৰা বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে আয়োজক কমিটিয়ে ৷

আয়োজক কমিটিয়ৰ সদস্যই কয় যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলভূমিত পৰিণত হৈছে ৰাস মহোৎসৱস্থলী ৷ লগতে হাজাৰ হাজাৰ ভক্তৰ আগমনে আমাক অধিক উৎসাহ প্ৰদান কৰিছে বুলিও উল্লেখ কৰে আয়োক কমিটিয়ে ৷

লগতে পঢ়ক:উন্নয়নৰ নামত এটা ডাঙৰ শূণ্য; ঘোঁৰামাৰাক স্পৰ্শ কৰিব পৰা নাই চৰকাৰী আঁচনিয়ে ! 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.