উন্নয়নৰ নামত এটা ডাঙৰ শূণ্য; ঘোঁৰামাৰাক স্পৰ্শ কৰিব পৰা নাই চৰকাৰী আঁচনিয়ে !

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 11:56 AM IST

thumbnail

ওদালগুৰি, 25 নৱেম্বৰ : প্ৰকৃততে ক’ত উন্নয়ন হৈছে ? নগৰ, চহৰ নে গাঁৱত ? সততে উত্থাপিত হৈ থকা এই প্ৰশ্নৰ মাজতে বিকশিত অসমৰ এখনি ফোপোলা ছবি পোহৰলৈ আহিছে ৷ ছবিখন হৈছে ওদালগুৰি জিলাৰ 64 নং পানেৰী আৰু 65 নং কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ সীমান্তত অৱস্থিত ঘোঁৰামাৰা গাঁৱৰ ৷ স্বাধীনতাৰ 75 বছৰ পাৰ হোৱাৰ পাচতো চৰকাৰী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ৷

এই গাঁওখনত আছে এখন হাইস্কুল, 10 খন বিচনা যুক্ত চিকিৎসালয়ৰ লগতে এখন সপ্তাহিক বজাৰ ৷ কিন্তু ইমানৰ পাচতো জৰুৰীকালীন বাহনৰ কথাটো বাদেই এখন ই-ৰিক্সাও সমোৱাব নোৱাৰে গাঁওখনত ৷ কাৰণ ঘোৰামাৰা গাঁৱত প্ৰৱেশ কৰিবলৈ হ'লে প্ৰায় তিনিখনকৈ বাঁহৰ দলং পাৰ হ'ব লাগে পথচাৰীয়ে । সেয়ে ঘোৰামাৰা গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে এখন পকী দলং বিচাৰি বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰিছিল ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : কাইলৈ ৰাস পূৰ্ণিমা; সাজু নামনি মাজুলীৰ নলদোৱাৰ যুৱক কৃষ্টি সংঘ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.