চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনক লৈ ৰূপায়ণ অৱস্থান ধৰ্মঘট

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 8:07 AM IST

thumbnail

জোনাই, 10 জানুৱাৰী : 11 দিন অতিক্ৰম কৰিলে চিচিবৰগাঁৱত উপ-জিলাৰ মুখ্য কাৰ্যালয় স্থাপনক লৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে ৷ চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত চিচিবৰগাঁও, ধেমাজি, মৰিধল, নিলখ, মাছখোৱা, গড়মৰা আৰু চিলাপথাৰ বিভিন্ন অঞ্চলৰ ৰাজনৈতিক, সামাজিক আৰু সচেতন ব্যক্তিসকলকে এই প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

সকলোৰে জ্ঞাত যে, চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া আন্দোলন, আবেদন, নিবেদনৰ শেষত নতুনকৈ চিচিবৰগাঁও সংৰক্ষণ মুক্ত বিধানসভা সমষ্টিটো লাভ কৰে আৰু ইয়াৰ পাচতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও চিচিবৰগাঁৱক উপ-জিলা হিচাপে ঘোষণা কৰি ৰাইজৰ আনন্দ-উল্লাসক অধিক বৃদ্ধি কৰে । কিন্তু হঠাৎ চিচিবৰগাঁও বৃহত্তৰ ৰাইজৰ মাজত শংকনীয় পৰিৱেশৰ সৃষ্টি হয় ৷ কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি চিচিবৰগাঁৱৰ ৰাজহ চক্ৰৰ কাৰ্যালয়তে ঘোষিত চিচিবৰগাঁও উপ-জিলাৰ কাম কাজ আৰম্ভ হোৱা নাই ৷

ইয়াৰ বিপৰীতে ৰাইজৰ অভিযোগ, স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুয়ে চক্ৰান্ত কৰি ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে বৃহত্তৰ চিচিবৰগাঁও ৰাইজৰ উন্নয়নত বাধা দি, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি চিচিবৰগাঁওবাসীক ৷ ইয়াৰ উপ-জিলাৰ মুখ্য কাৰ্যালয় চিচিবৰগাঁৱৰ পৰা অন্য ঠাইলৈ নিয়া জোৰ-যা চলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দাবী সমিতিৰ যুটীয়া সম্পাদক ৰুদ্ৰ ভূঞাই ।

মঙলবাৰে এই অৱস্থান ধৰ্মঘটৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : আন্দোলনৰ ওচৰত হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.