constituency delimitation : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jul 3, 2023, 6:59 AM IST

thumbnail

ডিব্ৰুগড়, 3 জুলাই : ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ঘোঁৰামৰাত দেওবাৰে ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচীৰ ৷ জোঁৰ সমদলেৰে লাহোৱাল সমষ্টিৰ ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । উল্লেখযোগ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । 1957 চনতে গঠিত হোৱা লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে । দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পিচতো বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ ব্যক্ত কৰিছে লাহোৱালবাসীয়ে ।

সমষ্টিটোৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে উক্ত জোঁৰ সমদলত অংশগ্ৰহণ কৰি লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে । লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ঘোঁৰামৰাত চলি থকা জোঁৰ সমদলৰ ফলত লাহোৱাল জয়পুৰ পথত আৱদ্ধ হৈ পৰে শ শ যান-বাহন । 

লগতে পঢ়ক : Assam govt in debt: পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ অসম চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.