Protest at Baksa : তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতাৰে সুৱনখাটাত ৰাইজৰ ধৰ্ণা কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 4:34 PM IST

thumbnail

বাক্সা, 15 ছেপ্টেম্বৰ : তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতাৰে বাক্সাৰ সুৱনখাটাত অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ ৷ শুকুৰবাৰে পুনৰ এবাৰ উত্তাল হৈ পৰিল বাক্সাৰ সুৱনখাটা অঞ্চল ৷ তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ বিৰোধিতাৰে শুকুৰবাৰে পুনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে বৃহত্তৰ সুৱনখাটাৰ ৰাইজে ৷ বৃহত্তৰ সুৱনখাটা অঞ্চলৰ ৰাইজৰ সহযোগত প্ৰায় পাঁচঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজে ৷  

সুৱনখাটা আৰু জোপাদং সচেতন নাগৰিক মঞ্চৰ উদ্যোগত জোপাদং চৌহদত "আমাক তামুলপুৰ নালাগে, আমাক বাক্সাতে বাহাল ৰাখক" আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ "ন' বাক্সা, ন' ভোট, আমাক ন্যায় লাগে, আমি তামুলপুৰলৈ নাযাও, আমাক বাক্সাতে বাহাল ৰাখক" আদি শ্লোগান দি চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰে ৰাইজে ৷

লগতে পঢ়ক : Assam Assembly autumn session: মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক তথা ১০ কোটিৰ ৰাজ সাহায্যক লৈ অচল সদন; ডেৰ ঘন্টাত তিনিবাৰ স্থগিত ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.