ETV Bharat / state

Assam Assembly autumn session: মুখ্যমন্ত্ৰী পত্নীৰ ভূমি বিতৰ্ক তথা ১০ কোটিৰ ৰাজ সাহায্যক লৈ অচল সদন; ডেৰ ঘন্টাত তিনিবাৰ স্থগিত ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 11:22 AM IST

Updated : Sep 15, 2023, 12:22 PM IST

Assam Assembly session
শাসক-বিৰোধীৰ বাক-যুদ্ধত উত্তাল সদন

আজি অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ অন্তিমটো দিন ৷ অধিৱেশনৰ অন্তিম দিনাও শাসক-বিৰোধীৰ বাক-যুদ্ধত উত্তাল হৈ পৰে সদন ৷ অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্ক তথা ১০ কোটিৰ ৰাজ সাহায্য বিষয়ক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে সদনৰ মজিয়া ৷

শাসক-বিৰোধীৰ বাক-যুদ্ধত উত্তাল সদন

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্ক আৰু ১০ কোটি টকাৰ ৰাজ সাহায্যৰ বিষয়টোক কেন্দ্ৰ কৰি বিধানসভাৰ‌ শেষৰ দিনটোত শুকুৰবাৰে সদনৰ‌ মজিয়া পুনৰ উত্তাল হৈ পৰে । সদনত বসুন্ধৰা ১ আৰু বসুন্ধৰা ২ সন্দৰ্ভত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই সোধা লিখিত প্ৰশ্নৰ উত্তৰ ৰাজহ মন্ত্ৰী যোগেন‌ মহনে দাখিল কৰাৰ‌ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি বিতৰ্কৰ বিষয়টো চৰ্চালৈ আহে ।

কংগ্ৰেছৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই ‘‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’’ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ১০ কোটি টকাৰ ৰাজ সাহায্য লাভ কৰা আৰু নগাঁৱৰ কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি ক্ৰয় কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত মন্ত্ৰী যোগেন‌ মহনৰ‌ পৰা উত্তৰ বিচাৰে । লগে লগে বিষয়টোত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে হস্তক্ষেপ কৰে ।

তাৰ‌ পিচত কংগ্ৰেছৰ বিধায়কসকল আৰু বিধায়ক‌ অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ চৰ্চিত ভূমি বিতৰ্কৰ তদন্ত বিচাৰি সদনৰ‌ মজিয়া উত্তাল‌ কৰি তোলে । কিছু ‌সময় ধৰি‌ সদনৰ মজিয়া শাসক বিৰোধীৰ বাক যুদ্ধৰে উত্তাল‌ হৈ থাকে । অৱশেষত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদন ৩০ মিনিটৰ বাবে স্থগিত কৰে ।

৩০ মিনিটৰ পিচত সদন পুনৰ আৰম্ভ হয় ৷ অধ্যক্ষৰ আসনত বহি উপাধ্যক্ষ নোমল মমিনে অধিবেশন পৰিচালনা কৰিবলৈ আগবাঢ়ে যদিও কিছু সময় পাচতেই বিৰোধীয়ে পুনৰ উত্তাল কৰে সদন ৷ ফলত দ্বিতীয়বাৰৰ বাবে ১০ মিনিট আৰু তৃতীয়বাৰৰ বাবে ১৫ মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰিবলৈ বাধ্য হয় উপাধ্যক্ষ নোমল মমিন ৷

উল্লেখ্য যে, নগাঁও জিলাৰ কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । উত্থাপিত অভিযোগ অনুসৰি এই কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷

লগতে পঢ়ক : Assam CM wife land Scam : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ তৰিব মুখ্যমন্ত্ৰী পত্নী ৰিণিকি শৰ্মা ভূঞাই

মাত্ৰ ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য ।

মাত্ৰ ১০ মাহৰ ভিতৰত মাটি ক্ৰয় কৰি মাটিৰ শ্ৰেণী পৰিৱৰ্তনেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজ সাহায্য কেনেকৈ লাভ কৰিব পাৰে তাক লৈ চলিছে বিভিন্ন প্ৰতিক্ৰিয়াৰ‌ সৃষ্টি হৈছে । যোৱা তিনিদিন ধৰি এই বিষয়টোলৈ সদন উত্তাল‌ হৈ আছে । সদনৰ কাম কাজ স্থগিত‌ কৰিবলীয়া‌ হৈছে ।‌‌ বিৰোধীয়ে কেবাবাৰো ‌সদন ত্যাগ কৰিছে । কিন্তু তাৰ‌ পিচত বিষয়টো সদনৰ‌ মজিয়াত এতিয়ালৈ আলোচনা‌ হোৱা নাই ।

লগতে পঢ়ক : SI Karabi Saikia Suspended: মঙলদৈ সদৰ থানাৰ SI কৰবী শইকীয়াক নিলম্বন

Last Updated :Sep 15, 2023, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.