ETV Bharat / state

Assam CM wife land Scam : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ তৰিব মুখ্যমন্ত্ৰী পত্নী ৰিণিকি শৰ্মা ভূঞাই

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 6:30 PM IST

Updated : Sep 14, 2023, 10:43 PM IST

10 কোটি টকাৰ ৰাজসাহাৰ্য বিতৰ্ক প্ৰসংগত অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ তৰাৰ কথা ঘোষণা ৰিণিকি ভূঞা শৰ্মাৰ ৷

Assam CMs Wife to File a Defamation Case
গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ তৰিব ৰিণিকি ভূঞা শৰ্মাই

গুৱাহাটী, 14 ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ 10 কোটি টকাৰ ৰাজসাহাৰ্য বিতৰ্ক প্ৰসংগত অৱশেষত মুখ খুলিছে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷ লগতে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ তৰিব বুলি ঘোষণা কৰিছে ৰিণিকি শৰ্মা ভূঞাই ৷ সামাজিক মাধ্যম টুইটাৰত এটা টেক্সট ভিডিঅ’ যোগে এই প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷

তেওঁ নিজৰ স্পষ্টীকৰণ দিছে এই দৰে “প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰতি মোৰ সঁহাৰি ৷ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড 2006 চনৰ পৰা স্বতন্ত্ৰ অৱস্থিতিৰে থকা বিভিন্ন ব্যৱসায়িক স্বাৰ্থজড়িত এটা সত্তা ৷ ই এটা আইন পালনকাৰী কোম্পানী যাৰ সকলো বিত্তীয় তথ্য ৰাজহুৱাভাৱে উপলব্ধ ৷ দীৰ্ঘ আৰু সফল ব্যৱসায়িক ট্ৰেক ৰেকৰ্ডৰ সৈতে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড আন যিকোনো যোগ্য উদ্যোগৰ দৰে- চৰকাৰী সমৰ্থিত আঁচনি/উদ্দীপনা আঁচনিত অংশগ্ৰহণৰ বাবে যোগ্য ৷ অৱশ্যে বৰ্তমানৰ গোচৰটোত পি এম কিষাণ সম্পাদা আঁচনিৰ সৈতে জড়িত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডে সকলো যোগ্যতাৰ মাপকাঠি পূৰণ কৰাৰ পিছতো চৰকাৰী ৰাজসাহাৰ্যৰ এক পইচাও দাবী কৰা নাই বা লাভ কৰা নাই ৷"

তেওঁ কয় যে, "এইয়া এগৰাকী মহিলা উদ্যোগীৰ নেতৃত্বত আইনৰ প্ৰতিটো দিশ মানি চলি থকা 17 বছৰীয়া অসমীয়া উদ্যোগ এটাক অপযশ দিয়া আৰু বদনাম কৰাৰ লক্ষ্যৰে আক্ৰমণৰ বাহিৰে আন একো নহয় ৷ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈ মহোদয়ৰ এই গৰিহণাযোগ্য অভিযানৰ পৰা আমাৰ কঠোৰ পৰিশ্ৰমী কৰ্মচাৰীসকলৰ সুনাম ৰক্ষা কৰিবলৈ তেওঁৰ বিৰুদ্ধে আদালতত 10 কোটি ক্ষতিপূৰণৰ মানহানিৰ গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছো-ৰিণিকি ভূঞা শৰ্মা ৷ ”

মন কৰিবলগীয়া যে, যোৱা দুদিন ধৰি ৰিণিকি ভূঞা শৰ্মাৰ নাম কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ 10 কোটি টকাৰ ৰাজ সাহাৰ্য লাভ বিতৰ্কত সাঙুৰ খাই পৰাৰ পিছত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে ৷ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে তথ্যসহ টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টুইটাৰত মুকলি বিতৰ্কত ভাগ লৈ সমালোচনাত মুখৰ হৈ আছে যোৱা দুদিন ধৰি ৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই 10 কোটিৰ ৰাজ সাহাৰ্য লোৱা বুলি প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও গৌৰৱ গগৈৰে হোৱা টুইটাৰ বিতৰ্কত ঘোষণা কৰিছে ৷

লগতে পঢ়ক : Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

Last Updated : Sep 14, 2023, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.