MLA Nizam Uddin Choudhury:বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ মুক্তিৰ দাবীত উত্তাল সমষ্টি

By

Published : Jul 3, 2023, 9:47 PM IST

thumbnail

কৰিমগঞ্জ, 3 জুলাই : আৰক্ষীয়ে দাখিল কৰা অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ হোৱা আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী গ্ৰেপ্তাৰ হোৱাৰ পিচত ৬ দিন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে দুখৰ সময়ত নিজৰ সংগী হেৰুৱালে । দলৰ বিধায়কজন গ্ৰেপ্তাৰ হোৱাৰ ৬ দিন পাৰ হৈ গ’ল, কিন্তু AIUDF দলে এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই ৷ ইয়াকে লৈ জিলাখনত তীব্ৰ আলোচনা চলি আছে ।

ইফালে, দলীয় নেতৃত্বৰ নিৰ্লিপ্ততাত অসন্তুষ্ট হৈ পৰিছে AIUDF দলৰ কৰ্মীসকল । বিধায়ক নিজামক গ্ৰেপ্তাৰ কৰাৰ প্ৰায় ৬ দিন পিচতে বিধায়কজনৰ মুক্তিৰ দাবীত আলগাপুৰত তেওঁৰ সমৰ্থকসকল ক্ষোভিত হৈ পৰিছে । আলগাপুৰ বিধান সভা এলেকাৰ বিভিন্ন স্থানত বিধায়কগৰাকীক মুক্তিৰ দাবীৰ জোৱাৰ উঠিছে ।

সোমবাৰে পুৱা আলগাপুৰ মোহনপুৰ, চৌৰঙী, বৱালীপাৰ, জাংকিবজাৰ আদিত তেওঁৰ দলৰ কৰ্মী-সমৰ্থকসকলে বিধায়ক নিজামক মুক্তিৰ দাবী জনায় । বিধায়ক নিজামক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত টায়াৰ জ্বলাই ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Burmese supari syndicate: বাৰ্মিজ চুপাৰী ছিণ্ডিকেটত জড়িত নহয় আৰক্ষী: বিধায়ক নিজামউদ্দিনৰ অভিযোগ খণ্ডন হাইলাকান্দি আৰক্ষীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.