Burmese supari syndicate: বাৰ্মিজ চুপাৰী ছিণ্ডিকেটত জড়িত নহয় আৰক্ষী: বিধায়ক নিজামউদ্দিনৰ অভিযোগ খণ্ডন হাইলাকান্দি আৰক্ষীৰ

By

Published : Jul 3, 2023, 8:52 AM IST

thumbnail

কৰিমগঞ্জ, 3 জুলাই: বাৰ্মিজ চুপাৰী ছিণ্ডিকেটত আৰক্ষী জড়িত থকাৰ অভিযোগ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ ৷ ৰাতিৰ আন্ধাৰত পাঁচগ্ৰাম আৰক্ষী থানাৰ অ’ চিৰ সহায়ত বাৰ্মিজ চুপাৰী ভৰ্তি 20ৰ পৰা 25খন গাড়ী পাৰ হৈ যায় ৷ পাঁচগ্ৰাম আৰক্ষী থানাৰ অ’ চি ৰাজেন পাও ৰংমাই বাৰ্মিজ চুপাৰী ছিণ্ডিকেটৰ সৈতে পোনপটীয়াকৈ জড়িত ৷ এই অভিযোগ ন্যায়িক জিম্মাত থকা আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ ৷  

উল্লেখযোগ্য যে, মঙলবাৰে নিশা পাঁচগ্ৰাম থানাৰ অন্তৰ্গত কাটাখাল আৰক্ষী চকীত এজন লোকক প্ৰহাৰৰ লগতে আৰক্ষীক কৰ্তব্যত বাধা দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিধায়ক নিজামউদ্দিন চৌধুৰী ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 307, 427, 353, 148, 149 ধাৰাৰ অধীনত দাখিল কৰা হৈছে গোচৰ ৷ ইফালে বিধায়গৰাকীয়ে আৰক্ষীৰ এই অভিযোগ নস্যাৎ কৰি কয় যে, তেওঁ চোৰাংভাৱে চুপাৰী সৰবৰাহ কৰা ট্ৰাকৰ খবৰ দিবলৈহে আহিছিল আৰক্ষী চকীলৈ ৷ লগতে পাঁচগ্ৰাম থানাৰ অ’চিৰ বিৰুদ্ধে চুপাৰীৰ চোৰাং সৰবৰাহত সহায় কৰাৰ বিস্ফোৰক অভিযোগ তোলে বিধায়কজনে ৷ গ্ৰেপ্তাৰ হোৱাৰ পিছত হাইলাকান্দি থানাত আৰক্ষী বিষয়াৰ সন্মুখত থিয় হৈ সংবাদ মাধ্যমৰ সন্মুখত এই অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷

আনহাতে বিধায়কজনৰ এই অভিযোগ নাকচ কৰিছে হাইলাকান্দি আৰক্ষীয়ে ৷ দেওবাৰে হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৱে সংবাদ মাধ্যমৰ সন্মুখত বিধায়কগৰাকীৰ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন বুলি দাবী কৰে ৷ তেওঁ কয় যে হাইলাকান্দি আৰক্ষীয়ে সদায় বাৰ্মিজ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ লগতে বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে বিগত সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথ্য সহকাৰে দাঙি ধৰে অতিৰিক্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক: Constituency delimitation: বৰাকত পূৰ্বৰ আসনৰ সংখ্য়া বাহাল ৰাখিবলৈ দাবী বিৰোধী ঐক্য মঞ্চৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.