ETV Bharat / state

Constituency delimitation: বৰাকত পূৰ্বৰ আসনৰ সংখ্য়া বাহাল ৰাখিবলৈ দাবী বিৰোধী ঐক্য মঞ্চৰ

author img

By

Published : Jul 2, 2023, 8:28 PM IST

বৰাকত বিৰোধী ঐক্য মঞ্চৰ আলোচনা । বৰাকত আসনৰ সংখ্য়া ১৫ৰ পৰা ১৩লৈ হ্ৰাস কৰাত ক্ষোভ । মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বদৰুদ্দিন আজমলে সংবাদ মাধ্যমত মন্তব্য আগবঢ়ায় বুলি কটাক্ষ লুৰীণজ্যোতি গগৈৰ ।

Reaction on Constituency delimitation
বৰাকত বিৰোধী ঐক্য মঞ্চৰ বৈঠক

বৰাকত বিৰোধী ঐক্য মঞ্চৰ বৈঠক

কৰিমগঞ্জ, ২ জুলাই: বিগত কেইবাদিন ধৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যক উত্তাল কৰিছে । নিতৌ বিভিন্ন স্থানত অব্যাহত আছে বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ । সঘনাই অনুষ্ঠিত হৈছে বিভিন্ন ৰাজনৈতিক দলৰ সভা-সমিতি । ইয়াৰ মাজতেই দেওবাৰে বৰাকত উপস্থিত হয় বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধি দল ।

বৰাকত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধি দলটোৱে বিভিন্ন দলীয় সংগঠনৰ সৈতে এক বৈঠকত মিলিত হয় । বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধি দলৰ এই গোটত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, ৰাজ্য়সভাৰ সাংসদ অজিত ভূঞা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত এই দলকেইটাৰ নেতাসকলে বৰাকত থকা পূৰ্বৰ ১৫খন আসন বাহাল ৰাখিবলৈ দাবী জনায় । বৰাকৰ জনসংখ্যা অনুসৰি খচৰাখনত আসনৰ সংখ্য়া ১৫ৰ পৰা ১৩লৈ হ্ৰাস কৰা হৈছে । সেয়েহে বিৰোধী ঐক্য মঞ্চই ভাৰতৰ নিৰ্বাচন আয়োগক এইক্ষেত্ৰত পূৰ্বৰ আসনৰ সংখ্য়া অব্য়াহত ৰাখিবলৈ দাবী জনায় ৷

বিজেপি আৰু এআইউআইডিএফৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সীমা নিৰ্ধাৰণ কৰা বুলি মন্তব্য় কৰিছে ৰাজ্য়সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই । তেওঁ কয় যে সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজমলৰ লগত আলোচনা কৰিছিল ।

বিজেপি আৰু এআইউআইডিএফৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সীমা নিৰ্ধাৰণ কৰা বুলি মন্তব্য় কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । ইপিনে, বিধায়ক কৰিম উদ্দিনৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ কয় যে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰি দিনটোৰ ভাষণ দিয়ে কৰিম উদ্দিন ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু কৰিম উদ্দিন বাৰভূঞাই সংবাদ মাধ্যমত মন্তব্য আগবঢ়ায় । লুৰীণজ্যোতি গগৈয়ে পুনৰ কয় যে সীমা নিৰ্ধাৰণত এআইইউডিএফৰ ৰাজনৈতিক ভৱিষ্যত নিশ্চিত কৰা হৈছে ।

ইফালে,বিধায়ক তথা বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে এই সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত বৰাক উপত্যকাৰ জনসাধাৰণৰ ওপৰত সৰ্বাধিক অন্যায় কৰা হৈছে । বৰাকৰ জনসংখ্যা অনুসৰি আসনৰ সংখ্য়া ১৫ৰ পৰা ১৩লৈ হ্ৰাস কৰা হৈছে । ফলত বৰাকবাসীৰ বহুত লোকচান হ'ব । বিধায়ক তথা বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয় যে মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীৰ প্ৰতি কোনো আন্তৰিকতা নাই ।

লগতে পঢ়ক: Brahmaputra Erosion: মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.