Protest in Guwahati: ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰ দাবী সাংসদ অজিৎ কুমাৰ ভূঞাৰ

By

Published : May 1, 2023, 10:46 PM IST

thumbnail

গুৱাহাটী, ১ মে : গুৱাহাটীৰ দীঘলী পুখুৰীত ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক ৪৮ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সচেতন ব্যক্তি,তথা বিভিন্ন ৰাজনৈতিক দলৰ সদস্যসকলে (Protest Against WFI chief ) ৷ 

এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা, কংগ্ৰেছ দলৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ লগতে আম আদমি পাৰ্টীৰ অনুৰূপা ডেকাৰজা, চিপিআই এম এলৰ পংকজ দাসে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ অজিৎ কুমাৰ ভূঞাই বৰ্তমান ভাৰতত চলি থকা ভ্ৰষ্টাচাৰ, লুণ্ঠনৰ প্ৰসংগ উল্লেখ কৰে । মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৪৮ ঘন্টাৰ ভিতৰত ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় (WFI chief Brij Bhushan Sharan Singh) । গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থকাৰ হুংকাৰ দিয়ে বৰঠাকুৰে ।  

ইফালে 29 এপ্ৰিলত সাতগৰাকী মহিলা মল্লযোদ্ধাৰ দ্বাৰা যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হোৱা ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙে নিজকে নিৰ্দোষী বুলি কয়, "মই সম্পূৰ্ণৰূপে নিৰ্দোষী আৰু উচ্চতম ন্যায়ালয় আৰু দিল্লী আৰক্ষীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছোঁ । মই যিকোনো ধৰণৰ তদন্তৰ সন্মুখীন হ'বলৈ সাজু (sexual harassment allegations on WFI president)।" 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.