Brij Bhushan case: নগাঁৱত দুশাসনৰ ভাও দি মল্লযুঁজাৰুৰ পক্ষত প্ৰতিবাদ

By

Published : May 6, 2023, 5:43 PM IST

thumbnail

নগাঁও,৬ মে': নগাঁৱৰ ৰাজপথত পুনৰ ব্যতিক্ৰমী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি দৃষ্টি আকৰ্ষণ কৰিলে আম আদমী পাৰ্টীৰ নগাঁৱৰ নেতা বিৰিঞ্চি বৰাই (WFI chief Brij Bhushan Sharan Singh) । পূৰ্বে মহেদেৱৰ ভাও লৈ নগাঁৱৰ ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বিৰিঞ্চি বৰাই এইবাৰ নগাঁও চহৰৰ মাজমজিয়াত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে দ্ৰৌপদীৰ বস্ত্ৰহৰণ নাট মঞ্চস্থ কৰি সাব্যস্ত কৰে প্ৰতিবাদ (Sexual harassment allegations on WFI president) ।  

বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙক কৌৰৱৰ দুশাসনৰে তুলনা কৰি দুশাসনৰ ভাও লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিৰিঞ্চি বৰাই (Nagaon aap protest through drama ) । অলিম্পিকত পদক জয় কৰা মহিলা মল্ল যুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগক উত্থাপন কৰি নগাঁও চহৰৰ ক্লক টাৱাৰৰ সন্মুখত এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীৰ নেতা বিৰিঞ্চি বৰাই (Protest Against MP Brij Bhushan Sharan Singh in Nagaon) ।  

বিজেপিয়ে ধৰ্ষণকাৰী আৰু নাৰী নিৰ্যাতনকাৰীক সুৰক্ষা দিয়াৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে । নগাঁৱৰ ৰাজপথত দ্ৰৌপদীৰ বস্ত্ৰহৰণ নাট মঞ্চস্থ কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে আম আদমী পাৰ্টীৰ নেতাগৰাকী । 

লগতে পঢ়ক: Child abuse by Doctor Couple: তোলনীয়া কন্যাশিশুক নিৰ্যাতন চলাই আটক চিকিৎসক, পলাতক পত্নী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.