ETV Bharat / state

Child abuse by Doctor Couple: তোলনীয়া কন্যাশিশুক নিৰ্যাতন চলাই আটক চিকিৎসক, পলাতক পত্নী

author img

By

Published : May 6, 2023, 8:51 AM IST

Updated : May 6, 2023, 2:02 PM IST

গুৱাহাটীৰ চেলিব্ৰেটি চিকিৎসক দম্পতীৰ জঘন্য কাণ্ড । ৩ বছৰীয়া তোলনীয়া কণমানিৰ ওপৰত অকথ্য নিৰ্যাতন ৷ ঘৰৰ ছাদত ৰ’দত বান্ধি থৈ নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ আৰক্ষীৰ জালত ডাঃ ৱালিউল ইছলাম আনহাতে পলাতক হৈ আছে পত্নী ডাঃ সংগীতা দত্ত (Doctor Couple Detained in Alleged Child Abuse Case) ।

Child abuse by Doctor Couple
তোলনীয়া কন্যাক অমানবীয় নিৰ্যাতন চলাই আটক চিকিৎসক দম্পতী

ডাঃ সংগীতা দত্ত

গুৱাহাটী, ৬ মে’: গুৱাহাটীৰ এহাল চিকিৎসক দম্পতীৰ অমানৱীয় কাণ্ডই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিকিৎসক দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৷ এই দুই চিকিৎসকে ৫ বছৰীয়া তোলনীয়া কন্যাক শাৰীৰিক, মানসিক নিৰ্যাতনৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছে (Couple charged in child abuse case) ৷

ইতিমধ্যে তোলনীয়া কন্যাক নিৰ্যাতনৰ অভিযোগত চিকিৎসক ডাঃ সংগীতা দত্তৰ স্বামী ডাঃ ৱালিউল ইছলামক আটক কৰিছে গুৱাহাটী আৰক্ষীয়ে ৷ ডাঃ সংগীতা দত্ত গুৱাহাটীৰ এগৰাকী আগশাৰীৰ মনোৰোগ বিশেষজ্ঞা । তেওঁক অসমৰ টেলিভিশ্যন চেনেলত মনোৰোগ পৰামৰ্শদাতা হিচাবে প্ৰায়েই দেখা পোৱা যায় ৷ তেওঁৰ স্বামী ডাঃ ৱালিউল এগৰাকী শল্য চিকিৎসক ।

চিকিৎসক দম্পতীটোৱে ৫ বছৰীয়া তোলনীয়া কন্যাক গুৱাহাটীৰ উলুবাৰীৰ সমীপৱৰ্তী অঞ্চলৰ তেওঁলোকৰ ঘৰৰ ছাদত প্ৰখৰ ৰ'দত কেইবাদিনো বান্ধি নিৰ্যাতন চলাই আহিছিল ৷ যি কথা প্ৰতিবেশীসকলে প্ৰত্যক্ষ কৰি শিশু অধিকাৰকৰ্মী আৰু শিশু সুৰক্ষা আয়োগক খবৰ দিছিল ৷ শুকুৰবাৰেও শিশুটিক ৰ’দত বান্ধি থৈ নিৰ্যাতন চলোৱাৰ সময়তে স্থানীয় লোকে আৰক্ষী আৰু শিশু সুৰক্ষা আয়োগক খবৰ দিয়ে ।

তাৰ পাছতে পল্টনবজাৰ আৰক্ষীয়ে নিশাৰ ভাগলৈ আটক কৰে চিকিৎসক ডাঃ ৱালিউলক (Doctor wife arrested on charge of torturing minor) ৷ অভিযুক্ত চিকিৎসক স্বামীক গ্ৰেপ্তাৰ কৰা হয় যদিও নিশা হোৱা বাবে ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰাৰ পৰা আৰক্ষী বিৰত থাকে আৰু আটক কৰি এক প্ৰকাৰ গৃহবন্দী কৰি ৰাখে ৷

আৰক্ষীয়ে নিজৰ জিম্মালৈ আনে নিৰ্যাতিত কণমানি শিশুটিকো ৷ তথ্য অনুসৰি কন্যা শিশুটিৰ দেহত পোৱা গৈছে আঘাতৰ চিন । আৰক্ষীয়ে পৰৱৰ্তী সময়ত নিৰ্যাতিত শিশুটিক চাইল্ড লাইনৰ হাতত গতাই দিয়ে ৷ এই ঘটনা সন্দৰ্ভত চিকিৎস দম্পতীহালৰ কেয়াৰ টেকাৰকো আটক কৰি জেৰা চলায় আৰক্ষীয়ে ৷

ইফালে তোলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত পল্টন বজাৰ থানাৰ আৰক্ষীয়ে আটক কৰাৰ পিছত ডাঃ ৱালিউল ইছলামে নিশাৰ ভাগত টেবলেট খাই আত্মহত্যাৰ চেষ্টা চলায় (Doctor Attempts Suicide At Paltan Bazaar PS)৷ চিকিৎসক ডাঃ ৱালিউল ইছলামে আৰক্ষী থানাতে আত্মহত্যাৰ অপচেষ্টা চলায় । জানিব পৰা মতে চিকিৎসক ৱালিউল ইছলামে ১০ টা টেবলেট একেলগে খাই আত্মহত্যাৰ চেষ্টা চলায় যদিও আৰক্ষীৰ তৎপৰতাত বিফল হয় । ডাঃ ৱালিউলক পল্টনবজাৰ আৰক্ষীয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় ৷

ইফালে নিশাৰ ভাগলৈ ডাঃ সংগীতাই ফেচবুক লাইভৰ জৰিয়তে তোলনীয়া কন্যাক নিৰ্যাতন চলোৱা ঘটনা সন্দৰ্ভত আৱেগিক স্পষ্টীকৰণ দি আত্মপক্ষ সমৰ্থনৰ চেষ্টা কৰে । আজি অৰ্থাৎ শনিবাৰে তেওঁক আৰক্ষীয়ে সোধপোছ কৰি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছিল যদিও বৰ্তমান তেওঁ পলাতক অৱস্থাত আছে বুলি জানিব পৰা হৈছে ।

আনহাতে এই বিষয়ে শিশু অধিকাৰ কৰ্মী মেগিউল দাস কিউৱে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে সবিশেষ । তেওঁ দম্পতীটোৱে আইনীভাৱে কন্যা শিশুটিক তুলি লোৱাৰ সন্দৰ্ভতো সন্দেহ প্ৰকাশ কৰে ৷ শিশুটি তুলি লোৱা প্ৰসংগৰ প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষাৰ বাবেও দাবী উত্থাপন কৰিছে শিশু অধিকাৰকৰ্মীগৰাকীয়ে ।

মিউগেল দাস কিউৱে অসম আৰক্ষীলৈ আহ্বান জনাই মন্তব্য কৰিছে, “বহুদিনৰ পৰাই মোলৈ অভিযোগ আহিছিল এই ভয়ংকৰ ডাক্তৰ দম্পতীয়ে নিয়মিতভাৱে নিজৰ সৰু ছোৱালীজনীক (যিগৰাকীক মৌখিকভাৱে তুলি লোৱা) এই গৰমৰ দিনত তীব্ৰ ৰ’দত নিজৰ ঘৰৰ চাদত বান্ধি ৰাখে। এই কণমানি ৫ বছৰীয়া ছোৱালী শিশুটিৰো গোটেই শৰীৰত আঘাতৰ চিন আছে ।"

তেওঁ আৰু কয় যে মই সাক্ষীসকলক অভিযোগ দাখিল কৰিবলৈ অনুৰোধ কৰিছিলোঁ ৷ কিন্তু তেওঁলোক ভয় খাইছিল বাবে কোনেও ইচ্ছুক নাছিল, অৱশেষত আজি কোনোবাই আৰক্ষীক মাতিবলৈ সাহস পালে (পুলিচক ফোন কৰা ব্যক্তিজনক প্ৰণাম) ।

তেওঁ লগতে কয়, ইয়াৰ মাজতে মই ইতিমধ্যে কামৰূপ মেট্ৰ’ শিশু কল্যাণ সমিতিক এই বিষয়টোৰ ওপৰত অনুৰোধ কৰিছিলোঁ ৷ এই ডাক্তৰ দম্পতী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই ধনবলী আৰু প্ৰভাৱশালী লোকৰ সৈতে উঠা-বহা কৰিছিল ৷ সেয়েহে তেওঁলোকে ভাবিছিল যে তেওঁলোক আইনৰ পৰিসৰৰ বাহিৰত ।

মিউগেল দাস কিউৱে কিশোৰীগৰাকীৰ আঘাতবোৰ পৰীক্ষা কৰাৰ লগতে শিক্ষকৰ লগত কথা পাতিবলৈ, ওচৰ-চুবুৰীয়াৰ মতামত গ্ৰহণ কৰিবলৈ আৰু আটাইতকৈ ডাঙৰ কথা ছোৱালীজনীক তুলি লোৱাৰ নথি-পত্ৰ পৰীক্ষা কৰিবলৈ অসম আৰক্ষীক অনুৰোধ জনায় ।

লগতে পঢ়ক: Margherita rape case: মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণকাৰীক এনকাউণ্টাৰ; চৰ্চাত আৰক্ষী সঞ্চালক প্ৰধানৰ এটা টুইট

Last Updated : May 6, 2023, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.