AJP press meet:বৰপেটাত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সংবাদমেল

By

Published : Mar 19, 2023, 9:30 PM IST

thumbnail

বৰপেটা, 19 মাৰ্চ: 24ৰ লোকসভা নিৰ্বাচনক লৈ ক্ৰমাৎ তৎপৰ হৈ পৰিছে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ (Assam Jatiya Parishad)৷ লোকসভাৰ লগতে পঞ্চায়ত নিৰ্বাচনক লৈও তৎপৰ হৈ পৰিছে দলটো ৷ সাংগঠনিকভাৱে দলটোৰ ভেঁটি শক্তিশালী কৰি তুলিবলৈ যোৱা শনিবাৰে বৰপেটাত উপস্থিত হয় এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷ বৰপেটাত এখন সংবাদমেলত অংশগ্ৰহণ কৰে এজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে (Press conference of Asom Jatiya Parishad in Barpeta) ৷  

 বিজেপি আৰু AIUDF বিৰোধী ভোটৰ বিভাজন ৰোধ কৰিব পাৰিলে বিজেপিক পৰাভূত কৰাটো সম্ভৱ ৷ গতিকে এই বিভাজন ৰোধ কৰাৰ বাবে সকলো দলে যদি উমৈহতীয়া পৰিকল্পনা কৰে, তেন্তে সেই পৰিকল্পনাত AJPয়ে যোগাত্মক সহাঁৰি দিব বুলি মন্তব্য এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ (AJP secretary Jagadish Bhuyan press meet  ৷  

বিজেপি আৰু AIUDF বিৰোধী ভোট বিভাজন ৰোধৰ স্বাৰ্থত অন্য বিৰোধী দলৰে এৰা ধৰা কৰা হ'ব পাৰে বুলি মন্তব্য জগদীশ ভূঞাৰ ৷অৱশ্যে নিৰ্বাচনত হাত মিলালেও কোনো দলৰে মিত্ৰতা নহয় এজেপিৰ | জগদীশ ভূঞাৰ মন্তব্য- বিজেপি বিৰোধী শক্তিৰে সহৱস্থান হ'ব পাৰে কিন্তু NDA , UPAৰ দৰে কোনো মিত্ৰতা নকৰে এজেপিয়ে ৷নিজৰ জাতীয়তাবাদী স্বাভিমান অটুট থাকি কংগ্ৰেছকে ধৰি বিজেপি AIUDF বিৰোধী শক্তিৰে সহাৱস্থান কৰিব বুলি মন্তব্য কৰে এজেপি নেতা জগদীশ ভূঞাই ৷

 পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত শক্তিশালীভাৱে দলটোৱে যাতে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বুনিয়াদ গঢ়ি তুলিব পাৰে তাৰ বাবে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত সমগ্ৰ ৰাজ্যতে বুথ পৰ্যায়লৈকে সাংগঠনিক দিশ শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব দিছে এজেপিয়ে ৷ জগদীশ ভূঞাৰ দাবী- পানী ঘোলা কৰিবলৈ ৰাজনীতি নকৰে এজেপিয়ে৷ সাংগঠনিকভাৱে শক্তিশালী সমষ্টিতহে প্ৰতিদ্বন্দিতা আগবঢ়াব এজেপিয়ে ৷

আনহাতে পৰীক্ষা এটা নিয়াৰিকৈ পাতিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকলৈ গৈ মানুহক নীতি শিক্ষা দি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু কেৱল নিজৰ মুখখনৰ প্ৰচাৰৰ বাবেই দুবছৰত বিজ্ঞাপনৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 131 কোটি টকা ব্যয় কৰা বুলি চৰকাৰক সমালোচনা কৰে জগদীশ ভূঞাই ৷

লগতে পঢ়ক:Check Bounce issue : অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ চেক বাউন্স সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ স্পষ্টীকৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.