Durga Puja2023:ঐতিহ্যমণ্ডিত পুৰাণ শ্ৰীপুৰ দেৱালয়ত শ্ৰীশ্ৰীদুৰ্গা পূজা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:25 AM IST

thumbnail

বাক্সা, ১৮ অক্টোবৰ : বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত পুৰাণ শ্ৰীপুৰ দেৱালয়ত ১৯ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীশ্ৰীদূৰ্গা পূজা মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে ৷ এই পুৰাণ শ্ৰীপুৰ দেৱালয়ৰ আছে বহু কাহিনী ৷ জনবিশ্বাস মতে, তাত গৈ সেৱা আগবঢ়ালে মনোবাঞ্ছা পূৰণ হয় ৷

বিভিন্ন কাৰ্যসূচীৰে ইয়াত চলিত বৰ্ষত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ ১৯ অক্টোবৰত পুৰাণ শ্ৰীপুৰদেৱালয়ৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ বড়োয়ে মুখ্যদ্বাৰ উন্মোচন কৰাৰ পিচত সন্ধিয়ালৈ একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ২০ অক্টোবৰত সন্ধিয়া বৰমা চেম্বাৰ্চ অৱ্ কমাৰ্চৰ সভাপতি বিপুল কলিতাই বন্তি প্ৰজ্বলন কৰাৰ পিচত দেৱীৰ মূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰা হ’ব ৷

২১ অক্টোবৰত স্থানীয় বিধায়ক ভূপেন বড়োয়ে বন্তি প্ৰজ্বলন কৰাৰ পিচত সপ্তমী পূজা আৰম্ভ কৰা হ’ব, লগতে বিশ্বৰ শান্তি কামনা কৰি পাৰ চৰাই উৰোৱা হ’ব ৷ ইয়াৰ পিচত নৱজ্যোতি ডান্স গ্ৰুপৰ নৃত্য প্ৰদৰ্শন, বলিদান, নিৰ্মালী, আৰতি আৰু নিশালৈ আৰাধনা যাত্ৰা থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ অনুষ্ঠান থাকিব । ২২ অক্টোবৰত ৰাতিপুৱাৰে পৰা বন্তি প্ৰজ্বলন, মহাষ্টমী বিহিত পূজা, বডোচা ডান্স একাডেমিৰ নৃত্য প্ৰদৰ্শন হ’ব ৷ ইয়াৰ পিচত বলি-বিধানৰ কাৰ্যসূচী থাকিব ৷ আবেলিৰ পৰা সন্ধি পূজা, আৰতি আৰু নিশালৈ যাদু প্ৰদৰ্শন কৰা হ’ব ৷

২৩ অক্টোবৰৰ নিশা ফাৱখুংগ্ৰি নাইজাব আফাদৰ নাট প্ৰদৰ্শন কৰা হ’ব ৷ ২৪ অক্টোবৰত ৰাতিপুৱা দেৱীৰ বিসৰ্জন দিয়াৰ পিচত সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰিব বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ পূজা উদযাপন সমিতিয়ে সমুহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

লগতে পঢ়ক : Durga puja 2023: হোজাইত দুৰ্গা পূজাৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত, ব্যস্ত মৃন্ময় শিল্পীসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.