তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনক লৈ মৰিগাঁৱত ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:04 AM IST

thumbnail

মৰিগাঁও, 18 নৱেম্বৰ : অসমৰ অন্যতম জনগোষ্ঠীয় সাহিত্য সভা তিৱা মাথন লাই তখ্ৰা তথা তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনক লৈ মৰিগাঁৱত ব্যাপক প্ৰস্তুতি চলিছে ৷ তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ অধিৱেশনখন মৰিগাঁৱৰ ঔজাৰিত অনুষ্ঠিত হ’ব  ।

ত্ৰয়োদশ অধিৱেশনৰ সন্দৰ্ভত দেওবাৰে প্ৰথমখন প্ৰস্তুতি সভা অনুষ্ঠিত হয় ঔজাৰিৰ ফুটবল খেলপথাৰত ৷ উক্ত সভাত উপস্থিত আছিল সদৌ তিৱা সাহিত্য সভাৰ সভাপতি দিপেন্দ নাথ বৰদলৈ, সম্পাদক বিদ্যুৎ বিকাশ সেনাপতিসহ বিভিন্ন তিৱা সাহিত্য অনুৰাগী । ইতিমধ্যেই কুৰিখন গ্ৰন্থ সাজু কৰি তোলা হৈছে অধিৱেশনত মুকলিৰ বাবে ।

অধিৱেশনৰ কাৰ্যসূচী, আদৰণি সমিতি গঠনৰ সন্দৰ্ভত আজিৰ সভাত আলোচনা কৰা হৈছে বুলি উল্লেখ কৰে তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলে ৷ আগন্তুক দিনত মৰিগাঁও জিলাত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকৰ সহযোগিতাও বিচাৰিলে আয়োজক কমিটিয়ে ৷

লগতে পঢ়ক : পশ্চিম মায়ঙত বনৰীয়া ম’হৰ ত্ৰাস, খেদি খেদি আক্ৰমণ এজনক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.