ETV Bharat / politics

বিৰোধীৰ বল কোবাই কোবাই আমি ফালি পেলাইছো: কিয় ক’লে ভৱেশ কলিতাই - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 5:22 PM IST

BJP State president Bhabesh Kalita: বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসৰ পত্ৰক লৈ খৰ্গহস্ত দলটোৰ নেতৃত্ব ৷ ৪ জুনৰ পাচত এই সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত ৷ ইফালে পশ্চিমবংগত জনতাক ভয়-ভাবুকিৰে গৃহবন্দী কৰি তৃণমূল কৰ্মীৰ ভোটেৰে পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ দখলৰ বাবে দলটোৱে চেষ্টা চলোৱাৰ অভিযোগ ভবেশ কলিতাৰ ৷

BJP State president Bhabesh kalita
বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা (ETV BHARAT ASSAM)

গুৱাহাটী, ২৫ মে’: বিৰোধী এতিয়া দিশহাৰা । বিৰোধীৰ প্ৰতিটো বলতে IPLৰ দৰে আমি ছিক্স কোবাইছো । বিৰোধীৰ বল কোবাই কোবাই আমি ফালি পেলাইছো ৷ আমি অসমত ১২+ আসন লাভ কৰিম । এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ । সমগ্ৰ দেশতে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান চলি থকা সময়তে শনিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিৰোধীৰ প্ৰতি সৰৱ হৈ পৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী ।

বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা (ETV BHARAT ASSAM)

তেওঁ উৎকট গৰমৰ মাজতো দেশবাসীয়ে বিপুল হাৰত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি পঞ্চম পৰ্যায়তে দলটোৱে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ কথা ব্যক্ত কৰে । ইফালে নিৰ্বাচনত অসমত উৎসৱমুখৰ পৰিৱেশ হোৱাৰ বিপৰীতে পশ্চিমবংগত বিপৰীত ছবি দেখা যায় বুলি ব্যক্ত কৰি সভাপতি ভবেশ কলিতাই পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ পশ্চিমবংগত নিৰ্বাচনত কেৱল হিংসাত্মক ঘটনা সংঘটিত হয় বুলি উল্লেখ কৰি তেওঁলোকে অসমৰ পৰা শিকা উচিত বুলি কলিতাই কয় । তেওঁ লগতে ইণ্ডি মহাজোঁটকো একেই আহ্বান জনায় ।

তেওঁ কয়, নিৰ্বাচনক লৈ পশ্চিমবংগত এতিয়া কেৱল অসহিষ্ণুতা চলিছে । জনতাক ভোট দিব নিদিয়ে, ওলাই আহিব নিদিয়ে । জনতাক ভয়-ভাবুকিৰে নজৰবন্দী কৰি তৃণমূলৰ বিষয়ববীয়াৰ ভোটেৰে পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ দখলৰ বাবে চেষ্টা কৰিছে ৷ প্ৰচাৰ সভাত যোৱা বিজেপিৰ ড্ৰাইভাৰকো গ্ৰেপ্তাৰ কৰিছে বংগ চৰকাৰে । তৃণমূল কংগ্ৰেছে পশ্চিমবংগত গণতন্ত্ৰক হত্যা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহো দিয়া নাই তৃণমূল কংগ্ৰেছে ।

আনহাতে বিজেপিত শেহতীয়াভাৱে বৃদ্ধি পোৱা বাদ-বিসম্বাদ সম্পৰ্কতো কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ জয়ন্ত দাস দলটোৰ বিষয়ববীয়া হৈয়ো পত্ৰখন কাৰ্যালয়ক নিদি সংবাদ মাধ্যমত দিয়াক লৈ সোচ্চাৰ হৈ পৰে কলিতা ৷ ৪ জুনৰ পাচত সকলো বিষয় আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব বুলি ব্যক্ত কৰি তেওঁ কয়, "বিজেপিত অনুশাসন আছিল, আছে আৰু থাকিব । কোনেও লক্ষ্মণৰেখা অতিক্ৰম কৰিব নালাগে, দল এটা অনুশাসনৰ মাজেৰে চলে । অনুশাসনৰ মাজেৰে চলা বাবেই বিজেপি "Party with a Difference" । জয়ন্ত দাস উপ-সভাপতিহে, উপ-সভাপতিয়ে দল নচলায় ।"

লগতে পঢ়ক: দলৰ মজিয়াত ন-পুৰণি ধাৰণাৰ সৃষ্টি হ’ব নালাগে; অসমত বিজেপি উত্থানৰ ইতিহাস সুঁৱৰি দুখ প্ৰকাশ জয়ন্ত দাসৰ - Assam BJP internal clash

লগতে পঢ়ক: অসম বিজেপিত তুংগত গৃহযুদ্ধ; এইবাৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাসৰ বিস্ফোৰক পত্ৰ সভাপতি কলিতালৈ - Internal Clash in Assam BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.