ETV Bharat / state

জনতাৰ প্ৰতি কি বিশেষ আহ্বান আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ - Heat Wave In Assam

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 5:35 PM IST

Assam DGP Appeals : জনতাৰ প্ৰতি এক বিশেষ আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ সামাজিক মাধ্যম যোগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা আহ্বানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

ASSAM DGP URGES PUBLIC SUPPORT
জনতাৰ প্ৰতি বিশেষ আহ্বান অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ (INTERNET)

গুৱাহাটী, 25 মে' : উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য ৷ তাপমাত্ৰাই স্পৰ্শ কৰিলে 40 ডিগ্ৰী চেলছিয়াছ ৷ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰা এই উৎকট গৰমৰ মাজতে নিজৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে আৰক্ষীৰ লোকসকলে ৷ বিশেষকৈ ট্ৰেফিকৰ দায়িত্বত থকাসকলৰ বাবে যথেষ্ট কষ্টকৰ হৈছে এই উৎকট গৰম ৷ প্ৰখৰ ৰ'দ আৰু অহসনীয় গৰমত পথৰ মাজত থিয় হৈ যান-বাহন নিয়ন্ত্ৰণ কৰাটো সহজ কথা নহয় ৷ তীব্ৰ গ্ৰীষ্ম প্ৰবাহে প্ৰত্যাহিত জীৱন প্ৰভাৱিত কৰাৰ সময়তে আৰক্ষীৰ যান-বাহন শাখাৰ লোকসকলে নিজৰ দায়িত্ব পালন কৰি গৈছে ৷

জনতাৰ সেৱাত উৎসৰ্গিত আৰক্ষীৰ এই লোকসকলৰ ক্ষেত্ৰত জনতাৰ প্ৰতি এক বিশেষ আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে ৷ সামাজিক মাধ্যমযোগে জি পি সিঙে অসম আৰক্ষীৰ লোকসকলৰ প্ৰতি মানৱীয়তা, সহযোগিতাৰ বাবে আহ্বান জনায় ৷ ডি জি পি জি পি সিঙে সামাজিক মাধ্যম যোগে কয় - 'শেহতীয়া গ্ৰীষ্মকালীন পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিগৰাকী সদাশয় নাগৰিকলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ - এই প্ৰচণ্ড গৰমৰ সময়ত আপোনাৰ ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক অনুগ্ৰহ কৰি পিয়াহৰ পানীটুপি যোগান ধৰক ৷ আমি আমাৰ আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱাপানীৰ বটল লগত ৰাখিবলৈ জনাইছো ৷ প্ৰয়োজন সাপেক্ষে এই খোৱাপানীৰ বটলসমূহ আপোনালোকে পুনৰ ভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰিলে আমি বাধিত হ'ম ৷ আৰক্ষীৰ লোকসকলৰ প্ৰতি আগবঢ়োৱা মানৱীয় সহযোগিতাৰ বাবে অসম আৰক্ষী আপোনাসৱৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব ৷'

সামাজিক মাধ্যমযোগে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা আহ্বানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ লক্ষণীয় বিষয় যে উৎকট গৰমৰ বাবে দিনৰ ভাগত গুৱাহাটী মহানগৰীৰ বাট-পথ প্ৰায় সেৰেঙা হৈ পৰা পৰিলক্ষিত হৈছে ৷ গুৱাহাটীৰ চৌদিশে ওখ ওখ অট্টালিকা আৰু কংক্ৰিটৰ মাজত গৰমৰ প্ৰভাৱ আৰু অধিক অনুভূত হৈছে ৷

লগতে পঢ়ক : গৰমৰ বাবে ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM

লগতে পঢ়ক : অসহনীয় গৰম: ৰাজ্যৰ ডেৰ সহস্ৰাধিক বিদ্যালয়ত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা - Heat Wave In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.